মৰিগাঁৱত বেংক সমূহৰ জিলা মুখ্য প্ৰবন্ধকৰ উদ্যোগত ঋণ প্ৰদান অনুষ্ঠান

A


নিউজ ডেস্ক:
 চৰকাৰৰ বিত্ত বিভাগে সাধাৰণ মানুহক সহায় তথা সহযোগিতা আগবঢ়াবলৈ বেংক সমূহৰ দ্বাৰা ঋণ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ আজি মৰিগাঁও জিলা বেংক সমূহৰ মুখ্য প্ৰবন্ধকৰ উদ্যোগত জিলাখনৰ ১২ টা বেংকৰ জৰিয়তে ২১১ জন হিতাধিকাৰীৰ মাজত মুঠ ৮ কোটি ৮৩ লাখ টকাৰ ঋণ প্ৰদান কৰে। এই উপলক্ষে আজি মৰিগাঁও চহৰৰ বিহুতলীত এখন ঋণ প্ৰদান সভা অনুষ্ঠিত হয়। মৰিগাঁও জিলা বেংক সমূহৰ মুখ্য প্ৰবন্ধক পুলেন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত আৰু মৰিগাঁও আৰচেটীৰ সঞ্চালক কনক বৰ্মণে আঁত ধৰা সভাখনত ঋণ প্ৰদানৰ কাৰ্যসূচীৰ শুভৰাম্ভ কৰে মৰিগাঁও অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে। সভাত বেংক সমূহৰ আঁচনি প্ৰবন্ধক মুছাৰফ হুছেইন চৌধুৰী,উদ্যোগ বিভাগৰ সহকাৰী প্ৰবন্ধককে আদি জিলা খনৰ ১২ টা বেংকৰ শাখা প্ৰবন্ধক সকলে অংশ গ্ৰহণ কৰে।ঋণ প্ৰদান কৰা বেংক সমূহৰ ভিতৰত এচ বি আই মৰিগাঁও ৫৬ লাখ,পি এন বি লাহৰীঘাট ৩৬ লাখ,পি এন বি মৰিগাঁও ৬২ লাখ,পি এন বি মৈৰাবাৰী ৮৮ লাখ,ইণ্ডিয়ান বেংক ২৬.৭ লাখ,ভি চি অ ৮৩ লাখ,বেংক অব ইণ্ডিয়াৰ ২৫ লাখ,আসাম জি ভি বি ৭০ লাখ,বেংক অব বৰ'ডাৰ ৫ লাখ,ইউনিয়ন বেংক ১৭ লাখ,নৰ্থ ইষ্ট ১৩ লাখ,কনাড়া বেংকে ১৩ লাখ টকা সহ মুঠ ৮ কোটি ৮৩ লাখ টকাৰ ঋণ প্ৰদান কৰে।

 

Your Comments

Related Articles