একাধিক লক্ষ্যবস্তুক ধ্বংস কৰিবলৈ সক্ষম হোৱা অগ্নি -৫ ৰ সফল উৎক্ষেপণ

A





নিউজ ডেস্ক:
বুধবাৰে সফলমূলকভাবে পৰীক্ষা সম্পন্ন হ'ল ক্ষেপণাস্ত্র অগ্নি -৫ৰ । ৰাতি ৭.৫০ মিনিটত উৰিষ্যাত এই ক্ষেপণাস্ত্রৰ উৎক্ষেপ কৰা হয়।
৫ হাজাৰ কিলোমিটাৰ দুৰৰ কোনো লক্ষ্যবস্তুক আঘাত হানিবলৈ সক্ষম হোৱা এই ক্ষেপণাস্ত্রৰ বিশেষত্ব হ'ল, ই একেলগে একাধিক লক্ষ্যবস্তুক নিখুঁত ভাবে ধ্বংস কৰিব।

এই ক্ষেপণাস্ত্রক উৎক্ষেপণ যানৰ মাধ্যমেৰেও উৎক্ষেপণ কৰা যাব। চাৰে১৭ মিটাৰ দৈর্ঘ্যৰ আৰু ২ মিটাৰ পৰিধিবিশিষ্ট অগ্নি ৫-য়ে এন্টি ব্যালিস্টিক মিচাইল চিষ্টেমকো হৰুৱাবলৈ সক্ষম সক্ষম হৈছে ।ই ১৫ হাজাৰ কেজি পৰমাণু অস্ত্র বহন কৰিবলৈও সক্ষম। উল্লেখ্য যে ,অগ্নি -৫ ত তিনি স্তৰীয় ৰকেট বুষ্টাৰ আছে। ইয়াৰ গতি শব্দৰ গতিতকৈ ২৪ গুণ বেছি। ছেকেণ্ডত ৮.১৬ কিলোমিটাৰ দুৰত্ব অতিক্রম কৰিব এই ক্ষেপণাস্ত্রই।
গুৰুত্বপূৰ্ণ কথা এই যে ,এনেধৰণৰ আধুনিক প্রযুক্তিয়ে এই ক্ষেপণাস্ত্রক এটা অন্য মাত্রা দিছে। এই ক্ষেপণাস্ত্রৰ সফল পৰীক্ষাই ভাৰতৰ অস্ত্রভাণ্ডাৰৰ শক্তিক আৰু বঢ়াই তুলিছে । 

Your Comments