বায়ুসেনা আধিকাৰীৰ মুখত ‘মিচন কাশ্মীৰ'

A





নিউজ ডেস্ক:
এইবাৰ পাক অধিকৃত কাশ্মীৰক ভাৰতৰ সৈতে সংযুক্ত কৰাৰ ‘পূর্বাভাস’ দিলে ভাৰতীয় বায়ুসেনাৰ পশ্চিমাঞ্চলৰ কমান্ডৰ প্রধান এয়াৰ মাৰ্চাল অমিত দেবে। বুধবাৰে কাশ্মীৰৰ বায়ুসেনা ঘাঁটিত এটি অনুষ্ঠানত যোগ দি তেওঁ কয় যে, ‘‘এদিন সমগ্ৰ কাশ্মীৰেই ভাৰতৰ হ'ব।’’

উল্লেখ্য যে ,১৯৪৭ চনৰ ২৭ মে ত পাক বাহিনীৰ সতে মোকাবিলা কৰিবলৈ প্রথম জম্মু কাশ্মীৰৰ বদগাম বিমানবন্দৰত উপস্হিত হৈছিল ভাৰতীয় সেনা। সেই ইতিহাসৰ ৭৫ বছৰ পদার্পণ অনুষ্ঠানত এয়াৰ মাৰ্চাল অমিত দেবে কয় যে , ‘‘আমি নিশ্চিত, এদিন পাক অধিকৃত কাশ্মীৰৰ মানুহো কাশ্মীৰৰ সৈতে যুক্ত হ'ব।’’


Your Comments