'বিশ্বভাৰতী' পৰিদৰ্শন কৰিলে ইউনেস্কোৰ দলে

A


নিউজ ডেস্ক:
বিশ্ব ঐতিহ্যপূর্ণ হিচাবে ইউনেস্কোৰ তালিকাত স্থান পাব নেকি শান্তিনিকেতনে? দেখতে সোমবাৰে  বিশ্বভাৰতী পৰিদর্শন কৰিলে ইউনেস্কোৰ এক প্রতিনিধিদলে। পৰৱৰ্তী সময়ত এই দলৰ মতামতৰ ওপৰতেই সিদ্ধান্ত লোৱা হ'ব যে ৱৰ্ল্ড হেৰিটেজ চাইটৰ তালিকাত শান্তিনিকেতনক ৰখা হ'ব নে নাই !

উল্লেখ্য যে সোমবাৰে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে ইন্টাৰনেচনেল কাউন্সিল অন মনুমেন্টচ এণ্ড চাইটচ (আইচিওএমওএচ)-ৰ প্রতিনিধিদলে। এই দলটোত আছে এজন আন্তর্জাতিক বিশেষজ্ঞ আৰু ভাৰত চৰকাৰৰ প্রতিনিধি। অহা দুদিন ধৰি পৰিদর্শন কাৰ্য চলিব বুলি জানিব পৰা গৈছে । বিশ্বভাৰতীৰ সংস্কৃতিক এই প্রতিনিধিদলৰ আগত তুলি ধৰাৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই নানা অনুষ্ঠানৰ আয়োজন কৰিছে। ৱর্ল্ড হেৰিটেজ 
চাইটৰ তালিকাত শান্তিনিকেতনৰ নাম তোলা বিষয়টোৰ সমস্ত কার্যকলাপ পৰ্যবেক্ষণ কৰিছে ভাৰত চৰকাৰে। আনকি প্রতিনিধিদলৰ হাতত কিছু নথিপত্রও তুলি দিয়া হ'ব বুলি জনা গৈছে । পৰিদর্শনৰ পিছত প্ৰতিনিধি দলৰ ৰিপোর্টৰ ভিত্তিতে ৱর্ল্ড হেৰিটেজ চাইটৰ তালিকাত শান্তিনিকেতনৰ নাম তোলা সম্ভব হ'ব বুলি আশা কৰিছে বিশ্বভাৰতী কর্তৃপক্ষই।

Your Comments