ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ বঢ়মপুৰৰ সন্তান দেৱজিৎ গায়ন

A




নিউজ ডেস্ক:
নগাঁৱৰ সন্তান দেৱজিৎ গায়নে ছবিৰ শব্দ গ্ৰহণৰ বাবে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান 'ৰজতকমল বঁটা ।খাচী চলচ্চিত্ৰ “লিউদুহ“ চবিখনিত Location sound record ৰ বাবে “Best Audiography “ সন্মান লাভ কৰিছে ৷
নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত দেৱজিৎ গায়নক এই বঁটা প্ৰদান কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে ।

উল্লেখ্য যে দেৱজিৎ গায়নে জ্যোতি চিত্ৰবনৰ পৰা শব্দ গ্ৰহণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল ছবি জগতৰ লগত । বঢ়মপুৰৰ ঘোগৰ গাৱঁৰ দধি ৰাম গায়ন আৰু জুনু গায়নৰ পুত্ৰ দেৱজিৎ গায়নৰ এই সাফল্যত গৌৰৱ বোধ কৰিছে বঢ়মপুৰৰ লগতে সমগ্ৰ নগাঁৱৰ ৰাইজে ।

Your Comments