হাতত বিমানবিধ্বংসী বন্দুক! অৰুণাচল সীমান্তত চীনক চেলেঞ্জ মহিলা কেপ্টেইন "চাৰিয়াৰ"

A

নিউজ ডেস্ক:

লাদাখত সংঘর্ষৰ পিছতে অৰুণাচল প্রদেশৰ সীমান্তত চীনা সেনাৰ সমাবেশ আগতকৈ যথেষ্ট বাঢ়িছে বুলি দাবী কৰিছে ভাৰতীয় সেনাই। নিয়ন্ত্রণৰেখাৰ সিপাৰে চীনা সেনাৰ যে সামৰিক ঘাটি বাঢ়িছে, তাৰ প্রমাণ পোৱা গৈছে ভাৰতীয় সেনাবাহিনীৰ ড্রোনৰ যোগেদি । চীনাৰ আগ্রাসন ৰোধত তৎপৰ হৈছে ভাৰতীয় সেনাবাহিনীও। যাৰ অন্যতম দায়িত্ব দিয়া হৈছে এগৰাকী মহিলা সেনা অফিচাৰক ।তেওঁৰ নাম 'চাৰিয়া আব্বাচি।'

নিয়ন্ত্রণৰেখা পাৰ হৈ অহা চীনা চালকহীন সশস্ত্র বিমানক ধূলিসাৎ কৰাৰ বাবে ‘এল-৭০’ বিমানবিধ্বংসী বন্দুক লৈ তীক্ষ্ণভাবে পহৰা দিছে চাৰিয়াই। চুইডিশ বফৰ্ছ কোম্পানীৰ পৰা ১৯৬০ৰ-দশকত ‘এল-৭০’ বিমানবিধ্বংসী বন্দুক প্রথম কিনা হৈছিল।নতুন প্ৰযুক্তিৰে তৈয়াৰী এই ‘এল-৭০’ য়ে যিকোনো ড্রোন, হেলিকপ্টাৰ, বিমানক দ্রুত ভাবে লক্ষ্য কৰি আঘাত হানিবলৈ সক্ষম হ’ব ৷

B

তেওঁৰ সম্পূৰ্ণ নাম চাৰিয়া আব্বাচি। উত্তৰপ্রদেশৰ গোৰখপুৰত জন্ম হোৱা চাৰিয়াৰ পৰিয়ালৰ বহুতেই সেনাবাহিনীত কর্মৰত । সৰুৰ পৰাই সেনাবাহিনীত কাম কৰা আত্মীয়সকলৰ বীৰত্বৰ কথা শুনি শুনি ডাঙৰ হোৱা চাৰিয়াই এতিয়া নিজেই এগৰাকী বীৰ সৈনিক ।
অত্যন্ত মেধাবী চাৰিয়াই গোৰখপুৰৰ জিএন নেচনেল একাডেমীৰ পৰা স্কুল পাছ কৰাৰ পিছত আইএমএস গাজিয়াবাদৰ পৰা জেনেটিক ইঞ্জিনিয়াৰিঙত বি-টেক কৰিছে ৷
বি-টেক পাচ কৰাৰ পিছতে দেশ-বিদেশৰ নানা সংস্থাৰ পৰা  চাকৰিৰ সুযোগ আহিছিল । কিন্তু একঘেয়ামী সেই অফিচ জীবন চাৰিয়াৰ বাবে একেবাৰে বিৰক্তিকৰ আছিল । বৰঞ্চ সৰুৰে পৰাই তেওঁৰ সপোন আছিল বুকুত মেডেল লগোৱাৰ ৷ চাকৰি এৰি নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে চাৰিয়াই  ৷
সম্প্ৰতি তেওঁৰ কান্ধতেই পৰিছে সীমান্ত ৰক্ষাৰ ভাৰ। অৰুণাচলপ্রদেশৰ চীন সীমান্তত ভাৰতীয় সেনা অফিচাৰ হিচাবে নিযুক্ত কৰা হৈছে তেওঁক। যোৱা চাৰি বছৰ ধৰি তেওঁ৷ সেনাবাহিনীত কর্মৰত ৷

C

২০১৫ চনত কম্বাইণ্ড ডিফেন্স চার্ভিচৰ ফর্ম জমা দিছিল। প্রথম বাৰ সাফল্য লাভ কৰা নাছিল যদিও পিছৰ বছৰ পুনৰ সেই পৰীক্ষাত বহিছিল । ছোৱালীৰ বাবে মাত্র ১২খন আসন আছিল। কম আসন থকাৰ বাবে সাফল্য পাবনে নাই সেই সম্পৰ্কে নিশ্চিত হ’ব পৰা নাছিল পিতৃ মাতৃ। কিন্তু সকলোকে অবাক কৰি দ্বিতীয়বাৰৰ চেষ্টাত সফল হয় চাৰিয়া ।
২০১৭চনৰ ৯ ছেপ্টেম্বৰত মাতৃৰ জন্মদিনৰ দিনা লেফটেণেন্ট পদত যোগদান কৰে চাৰিয়াই ৷ লেফটেণেন্ট চাৰিয়া বৰ্তমান কেপ্টেইন চাৰিয়া। অৰুণাচলপ্রদেশৰ সীমান্তত কাঢ়া প্রহৰা দি ৰৈছে চাৰিয়াই ৷ 
অতি-গুৰুত্বপূর্ণ টাৱাং চেক্টৰত মোতায়েন কৰা আর্মি এয়াৰ ডিফেন্স ৰেজিমেন্টেৰ বর্তমান ট্রুপ কামাণ্ডাৰ সাহসী চাৰিয়া । চাৰিয়াৰ ইউনিট দেশেৰ অন্যতম প্রথম এএডি ৰেজিমেন্ট, যাৰ হাতত তুলি দিয়া হৈছে আধুনিক প্ৰযুক্তিৰ কিংবদন্তী এল-৭০ বিমানবিধ্বংসী বন্দুক।
২৮ বছৰীয়া চাৰিয়াৰ মতে, "ছোৱালীসকলৰ বাবে ভাৰতীয় সেনাৰ ফিল্ড পোষ্টিঙত সুযোগ খুবেই কম কিন্তু যিয়ে চেলেঞ্জ ল’বলৈ পছন্দ কৰে তাৰ বাবে আৰু কোনো বিকল্প নাই। নিজৰ সাফল্যৰ বাবে কঠোৰ পৰিশ্রম আৰু আত্মত্যাগ কৰিবই লাগিব বুলি দাবী কৰে কেপ্তেইন চাৰিয়াই ৷"

Your Comments