নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংক আৰু চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া শাখা দুটাত দীৰ্ঘদিন ধৰি বৃহত্তম ঘগ্ৰাপাৰ অঞ্চলটোৰ গ্ৰামাঞ্চলৰ গ্ৰাহক ৰাইজক বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰি অহাৰ সময়তে আজি ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ আৰু ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি-কাউন্সিলাৰৰ সৈতে একাংশ সচেতন গ্ৰাহক ৰাইজে বেংক শাখা দুটাৰ পৰিচালক দুয়োগৰাকীৰ সৈতে সমস্যাৰাজিৰ ওপৰত মত-বিনিময়ত মিলিত হয়।
উল্লেখ্য যে বেংক শাখা দুয়োটাত দীৰ্ঘদিন ধৰি গ্ৰাহকসকলক পাঁচ বুক বহী আপডেট নকৰা,পাঁচ বুক প্ৰ-পত্ৰ নিদিয়া,মোবাইলত ধন উলিওৱাৰ পিছত গ্ৰাহকে মেছেজ নোপোৱা, সঘনে লিংক নোহোৱা হোৱাৰ উপৰিও একাংশ কৰ্মচাৰীয়ে গ্ৰাহকক দুৰৰ্ব্যৱহাৰ, গ্ৰাহক অনুপাতে কৰ্মচাৰী নথকা,বিশুদ্ধ খোৱা পানী নোহোৱা,বহিবলৈ আসন আদি নথকাৰ ওপৰত আজি এই সজাঁটি দলটোৱে দুয়োটা বেংক শাখাৰ পৰিচালকৰ সৈতে এক মত-বিনিময় আলোচনাত মিলিত হৈ শীঘ্ৰে উক্ত সমস্যা সমুহ আঁতৰাবলৈ দাবী জনাই। কিন্তু এই ক্ষেত্রত অসম গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকগৰাকীয়ে নিজ কথাতে অতল থকা পৰিলক্ষিত হোৱাৰ বিপৰীতে ঘগ্ৰাপাৰ চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া শাখাৰ পৰিচালকগৰাকীয়ে সমস্যাসমুহ পৰ্যায় ক্ৰমে দুৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা আৰু ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক ৰবীন্দ্ৰ নাথ কলিতাৰ নেতৃত্বত কৰা আজি এই কাৰ্যসূচীতোত উপস্থিত থাকে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ ডেকা,যুটীয়া সম্পাদক দ্বিজেন ডেকা,সাংবাদিক ফাইজুৰ হক চৌধুৰী,ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বুবুল দাস, বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা আদিয়ে।ইফালে অসম গ্ৰামীণ বিকাশ বেংক ঘগ্ৰাপাৰ শাখাত প্ৰতিদিনে ক'ভিড প্ৰট'কল ভংগ হোৱাৰো ৰাজহুৱা অভিযোগ উঠিছে।
- Log in to post comments
- 88 views