নিউজ ডেস্ক:
সুদীৰ্ঘ ১৪ বছৰ পিছত দাম বাঢ়িছে দিয়াচলাইৰ ।শেষ বাৰ দাম বাঢ়িছিল ২০০৭ চনত । এই বাৰ এটা দিয়াচলাই বাকচৰ দাম এটকাৰ পৰিবর্তে বিক্রী হ'ব দুটকাত । উল্লেখ্য যে অহা ১ ডিচেম্বৰৰ পৰা কার্যকৰী কৰা হ'ব নতুন দাম। পাঁচটা দিয়াচলাই প্রস্তুতকাৰক সংস্থাৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত । ২০০৭ চনত দিয়াচলাই বাকচৰ দাম ৫০ পইচাৰ ঠাইত হৈছিল এটকা।
প্রস্তুতকাৰক কোম্পানীয়ে বক্তব্য প্ৰকাশ কৰা মতে , "দিয়াচলাই তৈয়াৰ কৰোতে ১৪বিধ কেঁচামাল লাগে, সাম্প্রতিক কালত তাৰ অধিকাংশৰেই দাম বৃদ্ধি পাইছে । সেয়ে দিয়াচলাই বাকচৰো দাম বৃদ্ধি কৰা হৈছে ।"
- Log in to post comments
- 32 views