ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

A


নিউজ ডেস্ক : 

আজি দেশৰ সাতটাকৈ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ জানিব পৰা মতে ভাৰতে ১০০ কোটি ভেকচিন প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবেই ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এই বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী ৷
উল্লেখ্য যে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ভাৰত বায়’টেক, ডাঃ ৰেড্ডী লেবৰেটৰিজ, জিডাছ কেডিলা, বায়’ল’জিকেল ই, জেনোভা বায়’ফাৰ্মা, পেনেচিয়া বায়’টেকৰ প্ৰতিনিধি উপস্থিত থাকিব প্ৰধানমন্ত্ৰীৰে সৈতে হ’বলগীয়া এই বৈঠকত ৷
গুৰুত্বপূৰ্ণ বিষয় এই যে আজি পুৱা ৭ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি দেশে বৰ্তমানলৈকে ভেকচিনৰ ১০১.৩০ কোটি পালি প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ ২১অক্টোবৰত দেশে ১০০কোটি ভেকচিন প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ইয়াক উদযাপন কৰা হয় ৷

Your Comments