ৰাজাৰহাটত ৪৫ একৰ মাটিত স্প'র্টচ টাউনশ্বীপ গঢ়িব মার্লিন গ্রুপে

A

নিউজ ডেস্ক:

কলকাতাৰ ৰাজাৰহাটত গঢ়ি উঠিব এটি স্প'র্টচ টাউনশ্বীপ। সেই টাউনশ্বীপৰ মাজত থাকিব অত্যাধুনিক মানৰ একাধিক ক্রীড়া একাডেমী । আন্তর্জাতিক মানৰ স্কুল, আধুনিক পৰিসেৱা প্রদানকাৰী হাস্পাতাল,আনকি বজাৰো গঢ়ি তোলা হ'ব টাউনশ্বীপত। ৰাজাৰহাটত৪৫ একৰ মাটিত এই টাউনশ্বীপ তৈয়াৰ কৰিছে মার্লিন গোষ্ঠীয়ে। নাম দিছে ‘ৰাইজ—স্প'র্টচ ৰিপাব্লিক’।

মার্লিন গোষ্ঠীয়ে জানিবলৈ দিয়ে যে ,'এই স্প'র্টচ টাউনশ্বীপ প্রকল্পৰ কাৰণে প্রায় দু’হাজাৰ কোটি টকা ব্যয় কৰা হৈছে । এই স্প'র্টচ টাউনশ্বীপ ভাৰতত এয়েই প্রথম বুলিও দাবী কৰে মার্লিন গোষ্ঠীয়ে ।' এই প্রকল্পটোৰ জৰিয়তে প্রত্যক্ষ ভাবে প্রায় সাত হাজাৰ আৰু পৰোক্ষ ভাবে প্রায় ২৫ হাজাৰ জনক কর্মসংস্থাপন দিয়া হ'ব বুলি দাবী কৰে গোষ্ঠীটোৱে ।
স্প'র্টচ টাউনশ্বীপৰ প্রথম ভাগত গঢ়ি তোলা হ'ব অত্যাধুনিক ক্রিকেট ষ্টেডিয়াম আৰু একাডেমী, ফুটবল একাডেমী, সুইমিং একাডেমী মাৰ্শ্বিয়েল আৰ্টচ একাডেমী। এই ব্যবস্থাপনাৰ বিষয়ে ক্রীড়াজগতৰ বিভিন্ন খ্যাতনামা ব্যক্তিৰ সৈতে আলোচনা কৰিছে সংস্থাটোৱে ।মার্লিন গোষ্ঠীৰ মেনেজিং ডিৰেক্টৰে মত প্ৰকাশ কৰি কয় যে “আমাৰ দেশত প্রতিভাৰ কোনো অভাৱ নাই । কিন্তু তেওঁলোকক তুলি অনাৰ ক্ষেত্রত প্রয়োজনীয় পৰিকাঠামোৰ অভাব আছে । স্প'র্টচ চিটিত একাডেমী স্থাপনৰ কাৰণে আমাৰ সৈতে কেবাজনো অলিম্পিক চেম্পিয়ন, বিশ্বকাপজয়ী ফুটবলাৰ আৰু ক্রিকেটাৰ, ভাৰতৰ কিংবদন্তি ক্রিকেটাৰৰ সতে চূড়ান্ত পর্যায়ৰ আলোচনা চলিছে। মার্শ্বিয়েল আর্ট একাডেমীৰ বাবেও এজন বলিউড তাৰকাৰ সতে চুক্তি কৰা হৈছে ।”

উল্লেখ্য যে এই টাউনশ্বীপত প্রথম পর্যায়ৰ কাম হ'ব ১৬ একৰ এলেকা জুৰি। দ্বিতীয় পর্যায়ত মাল্টিস্পেচিয়েলিটি হাস্পাতাল আৰু আন্তর্জাতিক মানৰ স্কুল তৈয়াৰ কৰা হ'ব। 

Your Comments