বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগত গ্রেপ্তাৰ হৈছিল যুবৰাজ সিঙক

A



নিউজ ডেস্ক:

বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল যুবৰাজ সিঙক । ভাৰতৰ প্রাক্তন অলৰাউণ্ডাৰজনক জাতি বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগত গ্রেপ্তাৰ  কৰা হৈছিল 
অভিযোগ অনুসৰি যুৱৰাজে তেওঁৰ সতীৰ্থ ৰোহিত শৰ্মাৰ সৈতে অংশ লোৱা এটা ভিডিঅ' সাক্ষাৎকাৰৰ সময়ত দলিত সম্প্ৰদায়ৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল ৷
টুইট যোগে ক্ষমা বিচাৰি ভাৰতৰ বিশ্বকাপজয়ী অলৰাউণ্ডাৰগৰাকীয়ে কয় যে, মই কেতিয়াও কোনো জাতি, বর্ণ, ধর্ম অথবা লিংগ বৈষম্যক বিশ্বাস কৰা নাই । গোটেই জীবন মানুহৰ কাৰণে কাম কৰিছো ।মই মানুহক মর্যাদা দিয়াত বিশ্বাস কৰো' ।
তেওঁ নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে তেওঁ 'অনিচ্ছাকৃতভাৱে জনসাধাৰণৰ আৱেগক আঘাত কৰিছে '।উল্লেখযোগ্য যে, তাৰকা ক্ৰিকেটাৰজনে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল ।

Your Comments