২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব ৰাম মন্দিৰৰ

A



নিউজ ডেস্ক:
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ।
উল্লেখ্য যে, ২০১৯ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছিল । আদালতে অনুমোদন জনোৱাৰ পাছতে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ।
শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদকে জনোৱা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব । তেওঁ লগতে কয় যে, "প্ৰথম পৰ্যায়ৰ আধাৰশিলা ছেপ্টেম্বৰ মাহত স্থাপন কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপনৰ কাম ১৫ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু তাৰ পাছতে মন্দিৰৰ মজিয়া নিৰ্মাণ কৰা হ'ব। " 

Your Comments