মিছাইল মেনৰ ৯০ সংখ্যক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

A



নিউজ ডেস্ক:
Missile Man of India ড৹ এ পি জে আব্দুল কালামৰ 90 সংখ্যক জন্ম বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কালামৰ জন্মবাৰ্ষিকী উপলক্ষে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত নৰ্ডাৰ্ণ কামাণ্ডত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি কোবিন্দে ৷ ৰাষ্ট্ৰপতি ভৱনে টুইটযোগে কয় যে ,"ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ নৰ্ডাৰ্ণ কামাণ্ডত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷"
গুৰুত্বপূৰ্ণ কথা এই যে ৰাষ্ট্ৰপতি হোৱাৰ পৰা ভাৰতৰ ক্ষেপণাস্ত্ৰৰ বিকাশৰ নেতৃত্ব দিয়ালৈকে প্ৰয়াত ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামে বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশত অৰিহণা যোগাইছে ৷

Your Comments