মুম্বাইৰ আর্থাৰ ৰোড জেলত শ্বাহৰুখ পুত্ৰৰ একমাত্র পৰিচয় ‘কয়দী নাম্বাৰ ৯৫৬’

A

নিউজ ডেস্ক:
কিছু বছৰ আগেয়ে‘বীৰ-জাৰা’ ছবিত পাকিস্তানী জেলত বন্দী অৱস্হাত দেখা গৈছিল শ্বাহৰুখ খানক। কাৰাগাৰৰ ভিতৰত শ্বাহৰুখৰ মুখত শুনা গৈছিল , ‘মই কয়দী নাম্বাৰ ৭৮৬…’ কিন্তু কোনে জানিছিল, সেই সংলাপেই যে সত্য হৈ ঘূৰি আহিব শ্বাহৰুখ পুত্ৰৰ জীৱনলৈ ! বৃহস্পতিবাৰে মুম্বাইৰ আর্থাৰ ৰোড জেলত কয়দীসকলৰ নাম্বাৰ দিয়া হৈছে । তাত শ্বাহৰুখ-পুত্র আৰিয়ানৰ পৰিচয় ‘কয়দী নাম্বাৰ ৯৫৬’।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে মুম্বাই চেন্ট্রেল জেল তথা আর্থাৰ ৰোড জেলত এসপ্তাহ পাৰ হৈ গ'ল শ্বাহৰুখ-পুত্ৰ আৰিয়ান খানৰ।বৰ্তমান আৰিয়ানৰ জামিনৰ আবেদন স্থগিত ৰাখিছে আদালতে। ২০ অক্টোবৰ, বুধবাৰ পর্যন্ত আর্থাৰ ৰোড জেইলতেই থাকিব লাগিব আৰিয়ান  ।



Your Comments