নিউজ ডেস্ক:
পূজাৰ বতৰত সন্ত্রাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ৰাজধানী দিল্লী ৷ পাকিস্তানী সন্ত্রাসবাদীৰ দ্বাৰা দেশৰ ৰাজধানী দিল্লী ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা কৰিলে আৰক্ষীয়ে ৷ উল্লেখ্য যে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰাজধানী চহৰখনৰ পূব দিল্লীৰ লক্ষ্মীনগৰৰ পৰা পাকিস্তানী সন্ত্রাসবাদী এটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । লক্ষ্মীনগৰৰ পৰা মঙলবাৰে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাকিস্তানী সন্ত্রাসবাদী মহম্মদ আশ্রফ ওৰফে আলীৰ পৰা আৰক্ষীয়ে এ কে–৪৭, পিষ্টল, হেণ্ডগ্রেনেড আৰু গুলী–বাৰুদ উদ্ধাৰ কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ–আয়ুক্ত প্রমোদ কুশৱাহাই প্রকাশ কৰা মতে, পাকিস্তানৰ নাগৰিক মহম্মদ আশ্রফে বাংলাদেশ সীমান্ত শিলিগুৰিৰে ভাৰতত প্রৱেশ কৰি নতুন দিল্লীত বাহৰ পাতিছিল৷
বিগত ১০ বছৰ ধৰি ভাৰতত বসবাস কৰি থকা আশ্রফক মঙলবাৰে অস্ত্রসহ গ্রেপ্তাৰ কৰাৰ পিছতেই পাকিস্তানী সন্ত্রাসবাদী সংগঠনে ভাৰতত কিদৰে আক্রমণৰ পৰিকল্পনা চলাই আহিছে, তাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ পাকিস্তানী সন্ত্রাসবাদী মহম্মদ আশ্রফক বেআইনী কার্যকলাপ আইন, বিস্ফোৰক আইন, অস্ত্র আইন আৰু বিভিন্ন আইনৰ অধীনত গ্রেপ্তাৰ কৰাৰ পিছত মঙলবাৰে দিল্লীৰ এখন আদালতত হাজিৰ কৰে আৰক্ষীৰ বিশেষ শাখাই৷ আদালতে পাকিস্তানী সন্ত্রাসবাদী আশ্রফক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷
- Log in to post comments
- 17 views