১৮ অক্টোবৰৰ পৰা ১০০% যাত্রীৰে চলিব দেশীয় বিমান

A

নিউজ ডেস্ক:

 দেশত ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হোৱাৰ বাবে দুর্গোৎসৱৰ পিছতেই অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা অব্যাহত হ’ব বুলি আজি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিমানত যাত্রীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাক লৈ ১৮ অক্টোবৰৰ পৰা বিমান সেৱা আৰম্ভ হ’ব৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰা মতে, বর্তমান ৮৫ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা চলি আছে৷
উল্লেখ্য যে ভ্রমণৰ সময়ছোৱাত যাত্রীসকলে ক’ভিড–১৯ প্রট’কল মানি চলিব লাগিব বুলিও মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে৷

Your Comments