২ৰ পৰা ১৮ বছৰৰ শিশু-কিশোৰৰ দেহত ক'ৰনা ভেকচিন প্ৰদানৰ অনুমোদন

A

নিউজ ডেস্ক:

শিশু-কিশোৰৰ দেহত ক'ৰনা প্ৰতিষেধক প্ৰদানত অনুমোদন।২ ৰ পৰা ১৮বছৰ শিশু-কিশোৰক জৰুৰীভাৱে প্ৰয়োজন সাপেক্ষে COVAXIN প্রদানৰ অনুমোদন ড্ৰাগছ কনট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ।উল্লেখ্য যে ভাৰত বায়'টেকে প্ৰস্তুত কৰা প্ৰতিষেধক বিধৰ ট্ৰায়েল ছেপ্টেম্বৰতে সম্পূৰ্ণ হৈছিল।
ক'ৰনাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে এই খবৰে সামান্য হলেও সকাহ প্ৰদান কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে  বিশ্ব স্বাস্থ্য সংস্হাই ইতিমধ্যে ক'ৰনাৰ তৃতীয় লহৰত অধিক শিশু-কিশোৰ আক্রান্ত হ'ব বুলি বিশ্বক সতৰ্ক কৰি দিছে।
ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়েও এই ক্ষেত্ৰত ৰাজ্যসমূহক সতৰ্কতা অৱলম্বন কৰাৰ বাবে বিভিন্ন সময়ত আহ্বান জনায় আহিছে।

Your Comments