জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ৫ জনকৈ সেনা শ্বহীদ

A

নিউজ ডেস্ক:

দেশবাসীৰ বাবে দু-খবৰ।ভাৰতমাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ ৫ জনকৈ ভাৰতীয় সেনা।জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ।সোমবাৰে পুৱাৰে পৰা চলি  আছে সংঘৰ্ষ।
পুঞ্জজিলা মোগল ৰোড সমীপৱৰ্তী ডেৰাত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী কেইটাক আগুৰি ধৰি গুলীবৰ্ষণ কৰিছিল ভাৰতীয় সেনাই।প্ৰত্যুত্তৰ দিছিল সন্ত্ৰাসবাদী কেইটাই।সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে সমগ্ৰ অঞ্চলটোলৈ মোতায়েন কৰা হৈছিল অধিক সেনা।সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমনত আহত হৈছিল ভাৰতীয় সেনা কেইজন।চিকিৎসালয় নিয়াৰ পথত ৫জন সেনাৰ মৃত্যু হয় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Your Comments