"ৱেলকাম বেক এয়াৰ ইণ্ডিয়া,” এয়াৰ ইণ্ডিয়াৰ স্বত্ব জয় কৰাৰ পাছতে ৰতন টাটাৰ টুইট

A


নিউজ ডেস্ক:

এয়াৰ ইণ্ডিয়াৰ নিলামী স্বত্ব জয় কৰাৰ পাছত টাটা চনছৰ মুখ্য কাৰ্য্যবাহী ৰতন টাটাই টুইটযোগে প্ৰকাশ কৰে যে “ৱেলকাম বেক এয়াৰ ইণ্ডিয়া"।
এয়াৰ ইণ্ডিয়া ৰাষ্ট্ৰীয়কৰণ কৰাৰ সুদীৰ্ঘ ৬৮ বছৰ পাছত টাটা চনছে পুনৰ এয়াৰ ইণ্ডিয়াৰ স্বত্ব অধিগ্ৰহণ কৰে।
উল্লেখ্য যে টাটা চনছে ১৮,০০০ কোটি টকাৰ বিনিময়ত এয়াৰ ইণ্ডিয়াৰ স্বত্ব পুনৰ অধিগ্ৰহণ কৰে।
বিগত সময়ছোৱাত এয়াৰ ইণ্ডিয়াৰ পুৰণি খ্যাতিৰ যথেষ্ট অৱনতি ঘটিছিল।বিভিন্ন কাৰণত এয়াৰ ইণ্ডিয়াই যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।



Your Comments