প্রখ্যাত Vogue আলোচনীৰ বেটুপাতত অসম গৌৰৱ লাভলীনা

A

B


নিউজ ডেস্ক:

আমেৰিকা যুক্তৰাষ্ট্রৰ ফেশ্বন আৰু লাইফষ্টাইল সম্পর্কীয় প্রখ্যাত আলোচনী Vogue ৰ  বেটুপাতত স্থান পাইছে অসম গৌৰৱ অলিম্পিয়াড  লাভলীনা বৰগোহাঁয়ে৷ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক দখল কৰি  দেশলৈ গৌৰৱ কঢ়িয়াই অনা  বক্সাৰ গৰাকীৰ  সাফল্যৰ কাহিনী বিশ্বৰ প্রতিগৰাকী যুৱতীৰ বাবে প্রেৰণাৰ উৎস হ’ব পাৰে বুলি উল্লেখ কৰি প্রখ্যাত আলোচনীখনে অসমৰ বক্সাৰগৰাকীক বেটুপাতত স্থান দিছে৷

উল্লেখ্য যে জাপানৰ ৰাজধানী টকিঅ’ত শেহতীয়াকৈ অনুষ্ঠিত বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকৰ মহিলাৰ ৬৪–৬৯ কেজি ইভেণ্টত অসম কন্যা লাভলীনাই ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ 
'Vogue India' ই  লাভলীনাক শুভেচ্ছা জনাই টুইটাৰত এইদৰে প্ৰকাশ কৰে যে 
"বিভিন্ন ঘাত–প্রতিঘাত নেওচি লাভলীনা বৰগোহাঁয়ে দৃঢ় মনোবল আৰু শক্তিশালী মানসিকতাৰ পৰিচয় দাঙি ধৰি টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয় কৰে৷ তেওঁৰ এই অধ্যাৱসায়ৰ কাহিনীয়ে প্রতিগৰাকী যুৱতীক আকর্ষিত কৰিব ৷"

Your Comments