অৰুণাচলৰ বিশেষ  পত্ৰই নিদ্ৰা হৰণ কৰিছে ওদালগুৰি প্ৰশাসনক 

অৰুণাচলৰ বিশেষ  পত্ৰই নিদ্ৰা হৰণ কৰিছে ওদালগুৰি প্ৰশাসনক 

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ পৰা প্ৰেৰণ কৰা এখন বিশেষ পত্ৰৰ পিছতে তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন । সতৰ্ক কৰি দিয়া হৈছে ওদালগুৰি জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে জিলাখনৰ জৰুৰীকালীন সেৱাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগসমূহকো। অৰুণাচল প্ৰদেশৰ নাৰগাম নৈৰ পানীয়ে যিকোনো সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সীমান্ত ওদালগুৰি জিলাৰ বিস্তীর্ণ অঞ্চল । 

প্ৰদেশখনৰ পশ্চিম কামেং জিলাৰ অতিৰিক্ত উপায়ুক্তই প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত য়োলংগ্ৰীপাম অঞ্চলত প্ৰচুৰ পৰিমাণে ভূমিস্খলন সংঘটিত হৈছে । পাহাৰত হোৱা ভূমিস্খলনে য়োলংগ্ৰীপাম অঞ্চলেৰে বৈ অহা নাৰগাম নদীৰ বুকুত জমা হৈ পৰিছে মাটি আৰু শিলৰ বৃহৎ অংশ । 
ফলত নদীৰ স্বাভাৱিক গতি বন্ধ হৈ পৰাৰ উপৰি উক্ত অঞ্চলত আৱদ্ধ হৈ আছে নদীখনৰ এক বৃহৎ পৰিমাণৰ পানী ।

এই পানীয়ে যিকোনো মুহূৰ্তে নদীখনৰ নামনি অংশলৈ গতি কৰাৰ আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ প্ৰশাসনে । যদিহে এই বৃহৎ পৰিমাণৰ পানী হঠাৎ নামনি অংশলৈ বৈ আহে তেন্তে অসম-অৰুণাচল সীমান্তত অৱস্থিত ভৈৰৱকুণ্ডৰ মাজেৰে বৈ অহা জামপানী নদীখনে ৰূদ্ৰৰূপ ধাৰণ কৰাৰ উপৰি ওদালগুৰিৰ বিভিন্ন প্ৰান্তত সংহাৰী বানৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে ওদালগুৰি প্ৰশাসনে । 

ফলত ভৈৰৱকুণ্ড অঞ্চলৰ নৈপৰীয়া ৰাইজক মাছমৰা, নদীৰ বালি খনন কাৰ্য চলোৱাৰ লগতে নদীখনত যিকোনো কাৰ্য কৰাত বাধা আৰোপ কৰিছে ওদালগুৰি প্ৰশাসনে । যিকোনো দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসন সস্তম হৈ পৰিছে। 

Your Comments