অভিনেতাৰ ৰূপত এইবাৰ হৰভজন সিং ,তামিল চিনেমাত অভিনয় কৰিলে হৰভজন সিঙে , পঢ়ি চাওক

A


নিউজ ডেস্ক :

হৰভজন সিঙক এইবাৰ দেখা পোৱা যাব অভিনেতা হিচাবে । তামিল চিনেমাত অভিনয় কৰিছে ভাৰতৰ প্রাক্তন স্পিনাৰ গৰাকীয়ে ।যোৱা শুকুৰবাৰে মুক্তি পাইছে হৰভজন সিং অভিনীত এই চিনেমাখন ৷ 

উল্লেখযোগ্য যে হৰভজন অভিনীত ছবিখনৰ নাম ‘ফ্রেন্ডশ্বিপ’। এখন ৰোমাণ্টিক স্পোর্টচ কমেডি। অর্থাৎ প্রেম, খেলাধুলা ,হাঁহি-ধেমালি এই সকলোবোৰৰ আমোদ পোৱা যাব এই চিনেমাখনত ৷ গুৰুত্বপূৰ্ণ কথা এই যে হৰভজন সিঙক কিছু একশ্বন আৰু নৃত্যৰ দৃশ্যত দেখা যাব চিনেমাখনত । 

উল্লেখ্য যে যুবৰাজ সিঙে বৃহস্পতিবাৰে টুইট যোগে কয় যে ,‘অশেষ শুভেচ্ছা ভাই! ফ্রেন্ডশ্বিপ কাইলৈ মুক্তি পাব তাৰ বাবে বহুত শুভেচ্ছা। খুবেই উত্তেজিত! আশা কৰিছো এই বন্ধুত্ব গোটেই জীবন অটুত থাকিব ’। 
দীনেশ কার্তিক, ৰবিচন্দ্রন অশ্বিন, সুৰেশ ৰায়না , আদি ব্যক্তিয়েও তামিল ভাষাট টুইট কৰি অভিনন্দন জনায় খেলুৱৈ গৰাকীক ।

Your Comments