ভয়াৱহ কুটাঘাটৰ পৰা ৰক্ষা পৰিল ভাৰত : ৬ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

A

 

নিউজ ডেস্ক:

ভয়াবহ কুটাঘাটৰ পৰা ৰক্ষা পৰিল ভাৰত৷ ৰামলীলা-নৱৰাত্ৰিত দেশৰ বিভিন্ন চহৰত বোমা বিস্ফোৰণ সংঘটিত কৰিবলৈ পাকিস্তানত প্ৰশিক্ষণ লৈ অহা বৃহৎ সন্ত্ৰাসবাদী দল এটাক গ্ৰেপ্তাৰ কৰিবল সক্ষম হৈছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷ এতিয়ালৈকে ছয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। দিল্লীৰ বিশেষ শাখাৰ বিষয়া নীৰজ ঠাকুৰে কয় যে আমি ৬ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছো৷ দুজনে প্ৰশিক্ষণ লৈ পাকিস্তানৰ পৰা উভতি আহিছে।
উল্লেখযোগ্য যে মঙলবাৰে পুৱা প্ৰথম মহাৰাষ্ট্ৰত এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে । আনহাতে ৩ জনক উত্তৰ প্ৰদেশত আৰু দুজনক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷

গুৰুত্বপূৰ্ণ কথা এই যে ৰামলীলা আৰু নৱৰাত্ৰিৰ উৎসৱ উপলক্ষে সমগ্ৰ দেশজুৰি চহৰ চিনাক্ত কৰি বিস্ফোৰণৰ বাবে পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী দলটোৱে ৷

Your Comments