২০ দিন ধৰি উদযাপন কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন , সবিশেষ পঢ়ক

A

 

নিউজ ডেস্ক:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ৩৯ খন জিলাত বিজেপি কৰ্মকৰ্তাই সেৱা সংগঠন কাৰ্যসূচী পালন কৰিব ৷ এই কথা সংবাদমেল যোগে ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে ৷ সেৱা আৰু সমৰ্পণ অভিযান নামেৰে ১৭ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈ  ২০ ধৰি উদযাপন কৰা হ’ব প্ৰধান মন্ত্ৰী গৰাকীৰ জন্মদিন৷  গুৰুত্বপূৰ্ণ কথা এই যে মোডীৰ জন্মদিনত প্ৰায় ৫ হাজাৰ যুৱকে ৰক্তদান কৰাৰ লগতে দিব্যাংগসকলক সাহাৰ্য্য প্ৰদান কৰিব ৷গাওঁ সমূহত গৈ মহিলাসকলক আইৰণ টেবলেট প্ৰদান কৰিব ৷৪২ লাখ কাৰ্যকৰ্তাই ঘৰে ঘৰে   বন্তি প্ৰজ্বলন কৰিব ৷
ইয়াৰোপৰি এই ২০ দিনত আৰু বিভিন্ন ধৰণৰ  কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে ৷

Your Comments