নিউজ ডেস্ক:
টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী , নীৰজ চোপ্ৰাৰ জীবনৰ আৰু এটি সপোন পূৰণ হ’ল শনিবাৰে। নিজৰ পিতৃ - মাতৃক প্রথম বাৰৰ বাবে বিমানেৰে ভ্রমণ কৰালে তেওঁ৷ শনিবাৰে এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে স্বৰ্ণ বিজয়ী খেলুৱৈগৰাকীয়ে ৷গুৰুত্বপূৰ্ণ কথা এই যে টকিঅ’ অলিম্পিকত নীৰজে সমগ্ৰ দেশলৈ যি গৌৰৱ কঢ়িযাই আনিলে তাৰ বাবে তেওঁৰ পিতৃ সতীশ কুমাৰ আৰু সৰোজ দেবীৰ অবদান অতুলনীয় ৷ মূলতঃ মাতৃৰ ইচ্ছাতেই ওজন কমাবৰ বাবে নীৰজক খেলাধুলাৰ সৈতে জড়িত কৰোৱা হৈছিল ৷
উল্লেখযোগ্য যে শনিবাৰে কর্ণাটকৰ বেল্লাৰিৰ এক অনুষ্ঠানত গৈছিল পিতৃ মাতৃ সহ নীৰজ ৷ টুইটাৰত ফটোসহ এটা পোষ্টত তেওঁ কয় যে ‘আজি মোৰ আৰু এটি সৰু সপোন পূৰণ হ’ল, মা-দেউতাক প্রথমবাৰ বিমানত ভ্রমণ কৰাব পাৰিলো’।উল্লেখযোগ্য যে এই ভ্ৰমণত নীৰজৰ লগত আছিল তেওঁৰ বিশেষজ্ঞ কোচ ক্লচ বার্তোনিৎজ আৰু বক্সাৰ সতীশ কুমাৰ।
- Log in to post comments
- 38 views