নিউজ ডেস্ক:
যোগী আদিত্যনাথ চৰকাৰৰ ঘোষণাৰ পাছতেই মথুৰাৰ ২২টা ৱাৰ্ডত মদ-মাংসৰ বিক্রী বন্ধ কৰিলে প্রশাসনে। ১০ দিন আগতে মথুৰা-বৃন্দাবন পৌৰসভাৰ অধীনত থকা এই ৱার্ডবিলাকক ‘পবিত্র তীর্থস্থল’ হিচাবে ঘোষণা কৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রীয়ে। তাৰ পাছতেই এই ঘোষণা কৰিছে প্রশাসনে।
৩০ আগষ্টত জন্মাষ্টমী উদযাপন কৰোতে যোগীয়ে কয় যে , মথুৰা -বৃন্দাবন ভগবান শ্রীকৃষ্ণৰ জন্মভূমি। এই এলেকাবোৰত পবিত্র মন্দিৰ আছে। গতিকে স্থানীয় বাসিন্দাসকলৰ ইচ্ছা গলেই তাত মদ-মাংসৰ বিক্রী কৰিব নোৱাৰিব । এই এলেকা বোৰত যিবোৰ মদ-মাংসৰ দোকান আছে সেইবোৰক অন্য স্থানলৈ স্থানান্তৰ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
- Log in to post comments
- 19 views