আফগানিস্থানত নিজৰ নতুন নীতি নিয়মৰ ঘোষণা কৰিলে তালিবানে ,সবিশেষ পঢ়ক

A

 

নিউজ ডেস্ক:

আফগানিস্থান দখলৰ পিছতেই নিজৰ নতুন নীতি নিয়মৰ ঘোষণা কৰি তালিবানে কয় যে - "কোনেও নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে , আমাৰ প্ৰথম প্ৰচেষ্টা হৈছে দেশৰ সমস্যা সমূহ  বিভিন্ন নিয়ম কানুনৰ দ্বাৰা সমাধান কৰা । মূলতঃ শ্বৰিয়ত আইনৰ দ্বাৰাই আমাৰ দেশ পৰিচালিত হ’ব" ৷যোৱা মঙলবাৰে তালিবানে নিজ চৰকাৰৰ ঘোষণা কৰি কয় যে " মোল্লা মহম্মদ হাচান আফগানিস্থানৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে  , নতুন কেবিনেটত এনেকুৱা চেহেৰাৰ লোকো আছে যাক আন্তৰাষ্ট্ৰীয় সংস্হাই বিশ্ব সন্ত্ৰসবাদী ৰূপে ঘোষণা কৰিছে " ৷
তালিবানে আফগানিস্থানবাসীক বিশ্বাস প্ৰদান কৰি কয় যে  নতুন চৰকাৰে আফগানিস্থানত সদায় শান্তি স্হাপনৰ প্ৰচেষ্টা কৰিব। তদুপৰি দেশত যিমান স্কলাৰ্ছ , প্ৰফেচৰ, ডাক্তৰ আৰু আন আন প্ৰফেচনেল লোক আছে তেওঁলোককো মৰ্য্যদা সহকাৰে ৰাখিব ৷
উল্লেখযোগ্য যে ১৫ আগষ্টত আফগানিস্থান দখলৰ পাছতেই তালিবানে এতিয়া নিজৰ চৰকাৰ ঘোষণা কৰি নতুন নতুন নীতি নিয়ম ঘোষণা কৰিছে৷

Your Comments