তালিবানৰ নতুন নিয়ম : কেৱল ছাত্ৰৰফালে দৃষ্টি নিক্ষেপ কৰিহে পঢ়াব পাৰিব শিক্ষকে

 

নিউজ ডেস্ক :
আফগানিস্তান দখলৰ পিছতেই তালিবানে মহিলাসকলৰ ওপৰত জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা।কাবুলৰ এখন ইউনিভাৰ্ছিটিৰ শ্ৰেণীকোঠাত ছাত্ৰ -ছাত্ৰীৰ মাজত পৰ্দা টানি পাঠদান কৰাটো বাধ্যতামূলক কৰিছে।শ্ৰেণীকোঠাত ল'ৰা ছোৱালীক দুভাগত বিভক্ত কৰি মাজত পৰ্দা দিয়াৰ ব্যৱস্হা কৰিছে।লগতে শিক্ষকজনে কেৱল ছাত্ৰৰ ফালে দৃষ্টি নিক্ষেপ কৰি পাঠদান কৰিব পাৰিব বুলি কৈছে ।১৫আগষ্টৰ পিছৰ পৰা এই নিয়ম আৰোপ কৰা হৈছে ।গুৰুত্বপূৰ্ণ কথা এই যে তালিবানৰ প্ৰবক্তা জাবিউল্লাহ মুজাহিদ্দিনে সমগ্ৰ বিশ্ববাসীক কয় যে "এয়া সলনি হোৱা তালিবান । মহিলাৰ সকলো কথাতে আমি গুৰুত্ব দিম ।" কিন্তু শ্ৰেণীকোঠাৰ পাঠদানৰ ফটো ভাইৰেল হোৱাৰ পিছতেই তালিবানৰ প্ৰকৃত স্বৰূপ সকলোৰে আগত খোল খাই পৰে ।তালিবানী শাসনে ব্যক্ত কৰে যে ছাত্ৰীসকলক মাত্ৰ এগৰাকী মহিলা শিক্ষকেহে পাঠদান কৰিব পাৰিব ।আৰু যদি এয়া সম্ভৱ নহয় তেন্তে কোনো চৰিত্ৰবান শিক্ষকেহে পঢ়ুৱাব পাৰিব ।লগতে ইয়াকো কয় যে ইউনিভাৰ্ছিটিলৈ যোৱা মহিলাসকলৰ পাৰম্পৰিক কাপোৰ আৰু বোৰ্খা পিন্ধাটো বাধ্যতামূলক ।ল'ৰা ছোৱালী ইউনিভাৰ্ছিটিলৈ অহা যোৱা কৰা ৰাস্তাও বেলেগ বেলেগ হোৱাটো জৰুৰী ।লগতে ছোৱালীৰ ক্লাছ ল'ৰাতকৈ পাঁচমিনিট আগতে শেষ কৰাটোও বাধ্যতামূলক কৰা হৈছে।

Your Comments