নিউজ ডেস্ক:
নাগৰিকৰ দেশলৈ ঘূৰাই পঠোৱাৰ কাম সম্পূর্ণ কৰাৰ প্ৰসংগত হোৱাইট হাউচ আৰু তালিবান নেতৃত্বৰ মাজত আৰম্ভ হৈছে চৰম বাদানুবাদ। এই সম্পৰ্কে আমেৰিকাৰ সংবাদপত্র 'ওৱাশ্বিংটন
পোষ্টত' প্ৰকাশ কৰা হয় যে , মঙ্গলবাৰে তালিবানৰ সহ-প্রতিষ্ঠাতা মোল্লা আব্দুল গনি বৰাদৰৰ লগত কাবুলত এখন বৈঠকত মিলিত হয় চিআইএ (সেন্ট্রাল ইন্টেলিজেন্স এজেন্সি)ৰ প্রধান উইলিয়াম বার্নচ ৷বিষয়টি প্ৰকাশ পোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷আন্তর্জাতিক ৰাজনীতিৰ বিশেষজ্ঞই বক্তব্য প্ৰদান কৰে যে যদি এই বৈঠক হৈ থাকে, তেতিয়া কাবুলৰ পতনৰ পিছত আমেৰিকা আৰু তালিবানৰ মাজত হোৱা এই বৈঠক হ'ব সকলোতকৈ উচ্চপর্যায়ৰ বৈঠক। আমেৰিকাৰ গুপ্তচৰ সংস্থাই সংবাদপত্ৰৰ এই দাবী সম্পূৰ্ণকৈ মানি লোৱা নাই । সংবাদ সংস্থাৰ তৰফৰ পৰা চিআইএ মুখপাত্রৰ সৈতে যোগাযোগ কৰা কথাটো তেওঁলোকে জনাইছে ‘‘চিআইএ প্রধান ক’ত গৈছে ,ক’ত নাই যোৱা সেই কথাটো কেতিয়াও প্ৰকাশ কৰা নাই ৷’’
- Log in to post comments
- 15 views