লক্ষ্য ৰাখিব লাগিব যাতে আফগানিস্তান এক সন্ত্ৰাসকবলিত দেশ হৈ নপৰে: ৰাষ্ট্ৰসংঘত উদ্বিগ্ন ভাৰত

ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত আফগানিস্তানত তালিবানি আগ্রাসন সন্দৰ্ভত নিজৰ অৱস্থান স্পষ্ট কৰিলে ভাৰতে। 

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী সদস্য টিএছ তিৰুমূর্তিয়ে নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত কয়, আফগানিস্তান যদি এক সন্ত্রাসকবলিত ভূমি হৈ নপৰে সেইটো আফগানিস্তানৰ প্রতিবেশীসকলৰ বাবে স্বস্তিৰ বিষয় হ’ব। 

এই সন্দৰ্ভত এসপ্তাহৰ ব্যৱধানত দুখন বৈঠক অনুষ্ঠিত হয় ৰাষ্ট্রসঙ্ঘত। সোমবাৰৰ বৈঠকত ইয়াৰোপৰি ভাৰতৰ তৰফৰপৰা কোৱা হয়-- কাবুলৰ হামিদ কাৰ্জাই ইন্‌টাৰ্নেচনেল এয়াৰপৰ্টৰ বিভীষিকাময় ছবি দেখি সকলো শঙ্কিত। দেশ জুৰি মহিলা আৰু শিশুসকল বিপর্যস্ত। এয়াৰপোর্টত আৰু চহৰ অঞ্চলতো গুলীয়াগুলী চলিছে। সকলোবোৰ মিলি আফগানিস্তানত পৰিস্থিতি ভয়াবহ। এই পৰিস্থিতিত আফগানিস্তানত নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আন্তৰ্জাতিক পৰ্যায়ত দায়িত্ব পালন কৰিব লাগিব মানুহৰ হকে ৷ স্বার্থ এই ক্ষেত্রত যেন বাধা হৈ ঠিয় নিদিয়ে।

ইয়াৰ লগতে ভাৰতে আশা প্রকাশো কৰিছে যে পৰিস্থিতি সোনকালেই স্বাভাৱিক হ’ব। 

উল্লেখ্য, ইয়াৰ পূৰ্বে ৰাষ্ট্রসঙ্ঘৰ বিষয়ববীয়াসকলে বাৰে বাৰে কৈছিল, এই মুহূর্তত আফগানিস্তানত থকা তেওঁলোকৰ সদস্যসকলৰ জৰুৰীকালীন ভাৱে ঘুৰাই অনাৰ কোনো পৰিকল্পনাই তেওঁলোকৰ নাই! কিন্তু সর্বশেষত পোৱা খবৰ অনুসৰি জানিবলৈ পোৱা গৈছে, ৰাষ্ট্রসঙ্ঘই আফগানিস্তানত থকা তেওঁলোকৰ সদস্যসকলৰ সুৰক্ষা সন্দৰ্ভত এইবাৰ চিন্তিত। ৰাষ্ট্রসঙ্ঘৰ তৰফৰপৰা ষ্টিফেন দুজাৰিকে জনাইছে, প্রতি ঘণ্টাত তালিবান-অধিকৃত আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত নজর ৰখা হৈছে।

Your Comments