মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ জলপানিৰ ধন আগবঢ়ালে আই আই টিৰ মেধাবী ছাত্ৰ ইভান ডেকাই

A

নিউজ ডেস্ক :

 চট্টিশগড়ৰ ভিলাই আই আই টিত অধ্যয়নৰত অসমৰ মেধাবী ছাত্ৰ ইভান ডেকাই Googleত internship কৰাৰ বিনিময়ত লাভ কৰি অহা জলপানিৰ পৰা সৰ্বমুঠ দহহেজাৰ টকা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান হিচাপে আগবঢ়ায়।
দেওবাৰে খানাপাৰাৰ administrative staff collegeত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক  সাক্ষাৎ কৰি ছাত্ৰ গৰাকীয়ে এই ধন প্ৰদান কৰে।ছাত্ৰ গৰাকীৰ এই সদিচ্ছাক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভূয়সী প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনতো ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি আহিবলৈও আহ্বান জনায়।নাতিদীর্ঘ সময়ছোৱাৰ মাজতেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মেধাবী ছাত্র গৰাকীৰ লগত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আলোচনা কৰি ৰাজ্যখন সম্পৰ্কত নতুন প্ৰজন্মৰ দৃষ্টিভংগী কেনেকুৱা সেয়া জানিবলৈ যত্ন কৰাও পৰিলক্ষিত হয়। উল্লেখযোগ্য যে Electrical Engineeringৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ইভান ডেকা গুৱাহাটীৰ ছয়মাইল নিবাসী তথা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাল্যবন্ধু দ্বীপেন ডেকাৰ সুযোগ্য পুত্ৰ।

Your Comments