আইনৰ শাসন

Rule of law

 – শান্তনু বৰঠাকুৰ


আমাৰ দেশৰ দৰে পশ্চিমীয়া গণতন্ত্ৰৰ আৰ্হিৰ শাসনৰ মূল আধাৰটো হ’ল আইনৰ শাসন ৷ আইনৰ শাসন মানে হ’ল আইনে বান্ধি দিয়া সীমাৰ ভিতৰত থাকি কৰা শাসন ৷ আইনে বান্ধি দিয়া সীমা অতিক্ৰম নকৰাকৈ যিদৰে নাগৰিকে নিজৰ অধিকাৰবোৰ ভোগ কৰিব লাগে, ঠিক তেনেদৰে ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক ধৰি ৰখা প্ৰতিষ্ঠান বোৰেও তেওঁলোকৰ বাবে বান্ধি দিয়া সীমাৰ ভিতৰত থাকিহে কাৰ্য্যনিৰ্বাহ কৰিব লাগে ৷ আইনে দিয়া অধিকাৰবোৰ উপভোগৰ পৰা নাগৰিকক বঞ্চিত কৰিবলৈও ৰাষ্ট্ৰই আইনে বান্ধি দিয়া পদ্ধতিৰেহে কৰিব পাৰে ৷ যেনে ধৰক ভূমিৰ অধিকাৰ ৷ ভূমিৰ উপভোগৰ পৰা নাগৰিকক বঞ্চিত কৰাৰ কৰ্তৃত্ব ৰাষ্ট্ৰৰ আছে ৷ কিন্তুু সেয়া ভূমি অধিগ্ৰহণ আইনে ধাৰ্য্য কৰি দিয়া পদ্ধতিৰ প্ৰয়োগেৰেহে চৰকাৰে  কৰিব পাৰে ৷এয়াই আইনৰ শাসন ৷

   অসমত নতুন চৰকাৰখন ক্ষমতাসীন হোৱাৰ পাছত চৰকাৰৰ মুৰব্বী জনৰ কথা বতৰাত ’ময়েই আইন ’ জাতীয় মনোভাব এটা স্পষ্ট হৈ পৰিছে ৷ তাৰ প্ৰভাব বিষয়া সকলৰ ওপৰতো পৰিছে ৷ আজি কেইদিনমান পূৰ্বে মূখ্যমন্ত্ৰীয়ে আৰক্ষীৰ পলাব ধৰা অপৰাধীৰ ভৰিত গুলিওৱাৰ অধিকাৰ আছে বুলি ঘোষণা কৰিলে ৷ আত্মৰক্ষাৰবাবে আৰক্ষীয়ে গুলী চালনা কৰিব পাৰে, কিন্তু পলাব খোজাৰ লগে লগে গুলী চলাব লাগিবই বুলি কথা নাই ৷ কোন আইনত এয়াোলিখা আছে আমি নাজানো ৷ ৰাজ্যৰ মুৰব্বী জনৰ এনে ঘোষণাৰ পাছত অসমত হঠাৎ এনকাউন্টাৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ এনকাউন্টাৰ কেনেকৈ কৰা হয় সেই সম্পৰ্কে আমি অবগত ৷  এইবোৰ কথা কাণ্ড নভবা নিচিন্তাকৈ চালে ভাল যেন লাগি কোনোবাই হাতচাপৰিও মাৰিব পাৰে ৷ কিন্তু এনে ধৰণৰ প্ৰবনতাৰ বাবে বহুসময়ত নিৰপৰাধী মানুহো ভুক্তভোগী হোৱাৰ সম্ভাৱনা থাকি যায় ৷ বিচাৰৰ কাঠগঢ়াত নোতোলাকৈ অভিযুক্তক শাস্তী প্ৰদান বিপদজনক ৷ 

  একেদৰে বিদ্যুতৰ বিল পৰিশোধ নকৰা কৰ্মচাৰীৰ দৰমহা নিদিয়া, কভিদ প্ৰটকল নামানিলে হত্যাৰ অভিযোগ অনাৰ ভাবুকী দিয়া আদি কথাবোৰ আইন বহিৰ্ভুত ৷ কিন্তু এক স্বেচ্ছাচাৰী শাসকৰ বিধানৰ দৰে এইবোৰ হুমকি প্ৰদান কৰা হৈছে ৷ এইবোৰ আমাৰ ভৱিষ্যতৰ বাবে শুভলক্ষণ নহয় ৷ 

 গণত্ন্ত্ৰত ৰাইজে ৰাজনৈতিক দলক ম্যাদী পট্টা নিদিয়ে ৷ শাসনৰ ভাৰ দিয়ে আৰু শাসনৰ আধাৰ হ’ল dialogue, debate and discussion ৷ এই তিনিটা D ৰ বাবেই বিৰোধীৰ ব্যৱস্থা আছে, বিধানসভাৰ ব্যৱস্থা আছে ৷ নিৰ্বাচনত জয়ী হোৱাৰ বাবেই ম্যাদী পট্টা পোৱা বুলি ভবাটো আৰু আলোচনা, বিতৰ্কক অৰ্থহীন বুলি ভবাটো  স্বেচ্ছাচাৰী শাসকৰহে লক্ষণ ৷

Your Comments