বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণ

Pic

#নুৰুল ইছলাম,চানডুবিঃ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ বাগানত এলানি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি অব্যাহত থকা বন মহোৎসৱৰ স’তে সংগতি ৰাখি বৰদুৱাৰ বাগানৰ সমীপৱৰ্তী খোপদিয়া অঞ্চলতো কেইবাশতাধিক গছপুলি ৰোপণ কৰা হয় ৷ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত তথা বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু স্থানীয় যুৱক সংঘৰ সহযোগত পথৰ দাঁতি,ৰাজহুৱা ক্ষেত্ৰ সমূহত বিভিন্ন ফলমূলৰ গছপুলি ৰোপণ কৰা হয় ৷ বন প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰকে ধৰি একাংশ বন বিষয়াৰ উপস্থিতিত শুভাৰম্ভণিৰ পিছৰ পৰা গছপুলি ৰোপণৰ ধাৰাবাহিকতা অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷

Your Comments