কোভিড পৰিস্থিতিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন শিলঘাট মৰাপাট কল

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ উদ্যোগ হিচাবে পৰিচিত শিলঘাট মৰাপাট কল। কৰুণা সৃষ্ট জটিল পৰিস্থিতিয়ে ৰাজ্যৰ উদ্যোগ সমূহলৈ অশনি সংকেত নমাই অনাৰ সময়তে কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ নমাই আনিছে তীব্ৰ প্ৰত্যাহ্বান ৷ বিগত ক’ৰ'ণাৰ প্ৰথম ঢৌত দুমাহ দিন ধৰি মৰাপাট কলটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ থকাৰ পিছত ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰলৈ অহাৰ পিছত উদ্যোগটোৱে যেনে তেনে মূৰ দাঙি উঠিছিল যদিও সম্প্ৰতি ক’ভিডৰ দ্বিতীয়টো ঢৌত যোৱা ১৩ মে’ৰ পৰা মৰাপাট কলটো বিগত ডেৰ মাহ ধৰি পুনৰ স্থবিৰ হৈ পৰে ৷ উত্তৰ -পূৰ্বাঞ্চলৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ এসময়ৰ লাভজনক উদ্যোগটোৱে বিগত প্ৰায় দুবছৰ ধৰি অদক্ষ পৰিচালনা,অদূৰদৰ্শী সিদ্ধান্ত তথা গ্ৰহনীয় কিছুমান অপৰিপক্ব নীতিৰ বাবেই লোকচানৰ সন্মুখীন হৈ আহিছে ৷ বৰ্তমান কলটোৱে মৰাপাট যোগনিয়াৰ সকলক অনাদায় হৈ থকা ধনৰ পৰিমান হলগৈ প্ৰায় ১১ কোটি টকা ৷ ইয়াৰ বিপৰীতে কেচা সামগ্ৰীৰ অভাৱ তথা আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে বিগত সময়ছোৱাত মৰাপাট উদ্যোগটোক মাধমাৰ শোধাই অহাৰ কথাও প্ৰকাশ পাইছে ৷ তথাপিও বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজত জোৰা-টাপলিৰে চলি থকা উদ্যোগটো সাম্প্ৰতিক ক’ভিড পৰিস্হিতিয়ে অধিক নিশকটীয়া কৰি পেলাইছে ৷ আজি পৰ্যন্ত মুঠ ৫২ দিন ধৰি অচল হৈ থকা উদ্যোগটোৰ যন্ত্ৰ-পাতি সমূহত মামৰে ধৰাৰো উপক্ৰম হৈছে ৷ মিলটোৰ প্ৰায় সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীৰ এতিয়া পানীত হাহ নচৰা অৱস্হা ৷ প্ৰায় দুমাহ ধৰি দৰমহা বন্ধ হৈ থকা উদ্যোগটোৰ শ্ৰমিক সকলে খেতি-পথাৰত হাজিৰা কৰি, ব্ৰহ্মপুত্ৰ নদীত মৎস্য চিকাৰৰে, পাহাৰত খৰি সংগ্ৰহ কৰি পৰিয়াল পোহপাল দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷ এনে জটিল সন্ধিক্ষণত উদ্যোগটোৱে কিমান দূৰ কাৰ্যক্ষম হৈ উঠিব তাক লৈও সন্দিহান হৈ পৰিছে কলটোৰ বিষয়া-কৰ্মচাৰী প্ৰমুখ্য স্থানীয় ৰাইজ ৷ সম্প্ৰতি সম্পূৰ্ণৰূপে স্তব্ধ হৈ থকা মৰাপাট কলটোৱে শিলঘাট টাউনৰ আৰ্থ-সামাজিক দিশটো বিৰূপ প্ৰভাব পেলাইছে ৷ এনে এক অনাকাংক্ষিত পৰিস্হিতিৰ মাজত অসম সমবায় কলৰ পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান মৰ্মে দিছপুৰত উদ্যোগটোৰ উৎপাদন আৰু কেঁচা সামগ্ৰী যোগান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত মৰাপাট কলৰ উপাধ্যক্ষ পলাশ বৰা,বৰ্ডৰ সদস্য দেবেন কোঁৱৰ,পৰিচালন সঞ্চালক গুনমনি গগৈ,অসম চৰকাৰৰ অতিৰিক্ত মূখ্য সচিব,কো’অপাৰেটিভ চ’চাইটিৰ ৰেজিষ্টাৰ,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিচালন সঞ্চালকে অংশগ্ৰহন কৰে ৷ বৈঠকত মৰাপাট কলটোৰ উৎপাদনত ব্যবহৃত কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু উৎপাদিত সামগ্ৰীৰ মূল্য হ্ৰাসৰ ফলত কলটোৰ ভবিষ্যত কাৰ্যপন্থা কি হ’ব তাৰ বিষদ আলোচনা কৰা হয় ৷ ভবিষ্যতে এক "মৰাপাট ক্ৰয় সংস্থা"ৰ যোগেদি কেঁচা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত কৃষি বিভাগলৈ প্ৰস্তাৱ পঠোৱা হ’ব বুলি উক্ত বৈঠকত সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ উল্লেখ্য যে ১৯৭১ চনত সমবায় ভিত্তিত গঢ়ি উঠা মৰাপাট কলটোৱে লোকচানৰ সন্মুখীন হোৱা বাবে ১৯৮৪ চনত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছিল। পৰৱৰ্ত্তী সময়ত অসম চুক্তি অনুসৰি১৯৮৬ চনৰ পহিলা জানুৱাৰীত কলটোৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈ সুষ্ঠিৰ ভাবে চলি আছিল যদিও বিগত প্ৰায় দুবছৰৰ পৰা পুনৰ লোকচানৰ সন্মুখীন হব লগা হয়। আনহাতে বিগত বছৰৰ ২ নৱেম্বৰত শ্ৰমিকৰ মজুৰি কৰ্তনৰ এক প্ৰস্তাৱক কেন্দ্ৰ কৰি শ্ৰমিকে বিদ্ৰোহৰ সূচনা কৰি কল চৌহদত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰিনতিতে কেইবাদিনো ধৰি কলটোৰ উৎপাদন বন্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত কলটোৱে মুৰ ডাঙি উঠিছিল যদিও বৰ্তমানৰ ক'ভিড পৰিস্থিতিয়ে কলটোলৈ নমাই অনা জটিল সমস্যাই ভৱিষ্যত দিনত কি ৰূপ লব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে শ্ৰমিক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ। ইফালে অহা ১২ জুলাইৰ পৰা কলটোৰ পুনৰ উৎপাদন আৰম্ভ হ'ব বুলি মিল কৰ্তৃপক্ষই অৱগত কৰে।

Your Comments