ঘগ্ৰাপাৰৰ ৰোগাক্ৰান্ত অগপ কৰ্মী ফক্কৰউদ্দিন আহমেদক সাহায্য প্ৰদান অগপ নেতা দিলীপ কুমাৰ দাসৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৬ জুলাইঃ

বিশিষ্ট অভিনেতা,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা নলবাৰী বিধান পৰিষদৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ দাসে নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ এলেকাধীন অগপৰ জ্যেষ্ঠ নেতা তথা বৰ্তমানে ৰোগাক্ৰান্ত হৈ থকা ফক্কৰউদ্দিন আহমেদক সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে।

আজি দিনৰ ১২ বজাত অগপৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি গিৰীশ হালৈ আৰু সম্পাদক ডিম্বেশ্বৰ হালৈৰ উপস্থিতিত ঘগ্ৰাপাৰৰ নিজ খগটা গাঁঁৱৰ ফক্কৰউদ্দিন আহমেদৰ ঘৰত উপস্থিত হৈ নলবাৰীত অগপ দলক সন্মুখৰ পৰা নেতৃত্ব দি অহা নেতা দিলীপ কুমাৰ দাসে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। অগপৰ আঞ্চলিক পৰ্যায়ৰ নেতা ফক্কৰউদ্দিনে দিলীপ কুমাৰ দাসৰ মহানুভতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে যোৱা ১ জুলাইত প্ৰাক্তন ছাত্ৰ নেতা নাউধন ডেকা আৰু তেওঁৰ পত্নীকো সম্বৰ্ধনা জ্ঞাপন কৰে দিলীপ কুমাৰ দাসে। তদুপৰি, অসম আন্দোলনৰ নিৰ্য্যাতিত তথা চৰকাৰৰ দ্বাৰা অৱহেলিত নাউধন ডেকাৰ পুত্ৰক তেওঁৰ নিজৰ প্ৰতিষ্ঠান "ভাগ্যশ্ৰী টাটা মটৰচ্" ত নিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অগপ নেতা দিলীপ কুমাৰ দাসৰ এনে মহানুভতাৰ বাবে ঘগ্ৰাপাৰৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Your Comments