ঘগ্ৰাপাৰত নীলা কেৰাচিনৰ চোৰাং বেহা:সমবায়ৰ সচিবসহ পাঁ‌চগৰাকীক জেললৈ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ্যৰ খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সুলভ মূল‍্যৰ এজেন্টৰ জৰিয়তে প্ৰতিগৰাকী গ্ৰাহকৰ বাবে আৱন্টন দি অহা নীলা কেৰাচিন চোৰাং কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগত ৫ জুলাইত ঘগ্ৰাপাৰ আৰক্ষীয়ে সমবায়ৰ সচিবসহ পাচঁগৰাকীক জেললৈ প্ৰেৰণ কৰে।উল্লেখ‍্য যে দীৰ্ঘদিন ধৰি নলবাৰী জিলা লগতে বৃহত্তৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰত সুলভ মূল‍্যৰ এজেন্টৰ গ্ৰাহকসকলৰ বাবে আৱন্টিত হৈ অহা নীলা কেৰাচিনৰ ৰমৰমীয়া বেহা চলাই সৰ্বসাধাৰণ ৰাইজক ৰামঠগন দি অহাৰ সময়তে ৪ জুলাইত ঘগ্ৰাপাৰত বড়িগোগ বনভাগ(ধুৰকুচি)বহুমুখী সমবায় সচিব,সুলভ মূল্যৰ দোকানীসহ ৫ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। জানিব পৰা মতে ৪ জুলাইৰ দিনৰ এঘাৰ মান বজাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰৰ তেল ডিপোৰ পৰা নলবাৰী অভিমুখে গৈ থকা অৱস্থাত কৈৰাৰাত এছ ১৪এ চি ১২২৫ নম্বৰৰ এখন টেম্প ভানত প্ৰায় ৬০০ লিটাৰ সুলভ মূল‍্যৰ গ্ৰাহকৰ বাবে আৱন্টিত নীলা কেৰাচিন জব্দ কৰিছিল। ধৃত গাড়ীচালকগৰাকী নলবাৰী থানাৰ অন্তৰ্গত পয়লাৰ হৰিশ আলিৰ পুত্ৰ ইমামূল হক( ৩৯) আৰু গাড়ীখনৰ কৰ্মচাৰী নলবাৰী মালিকুচিৰ মুছলিম আলী( ৫০)ক আটক কৰি আৰক্ষীয়ে জেৰা চলোৱাত বড়িগোগ বনভাগ ( ধুৰকুচি) বহুমুখী সমবায় সমিতিৰ সচিব বসন্ত বেজবৰুৱাৰ (বিপুল) পৰা নলবাৰীৰ এজন ব্যৱসায়ীৰ ঘৰলৈ নিয়া বুলি স্বীকাৰ কৰে। তেওঁলোকৰ স্বীকাৰূক্তিৰ ভিত্তিত ধুৰকুচি বহুমুখী সমবায়ৰ সচিব বসন্ত(বিপুল )বেজবৰুৱাৰ লগতে সমবায়খনৰ অন্তৰ্গত নামখলাৰ সুলভ মূল্যৰ দোকানী বাণী শৰ্মা,গুৱাকুছিৰ সুলভ মুল‍্যৰ এজেন্ট অচ‍্যুৎ দাসক ৪ জুলাইৰ নিশা আটক কৰি ঘগ্ৰাপাৰ থানাত জেৰা অব্যাহত ৰাখিছিল।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে ৫ জুলাইৰ আবেলি ভাৰতীয় দণ্ডবিধিৰ ১২০/৪২০ ধাৰাত ৩৪০ নং গোচৰ ৰুজু কৰি নলবাৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰে।

Your Comments