মাতৃ-পুত্ৰক সাক্ষাৎ কৰা অনুমতি অখিল গগৈক : ঘৰলৈ যোৱাত আদালতৰ অনুমতি

A

নিউজ ডেস্ক :
কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ বাবে আন এক ভাল খবৰ।মাতৃ- পুত্ৰক সাক্ষাৎ কৰাৰ  বাবে যোৰহাটৰ ঘৰলৈ যোৱা অনুমতি ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ 'NIA' বিশেষ আদালতৰ।দুদিনৰ কাৰণে কাৰাবন্দী গগৈ যাব পাৰিব ঘৰলৈ।

উল্লেখ্য আদালতে বিধায়ক গগৈক কেৱল যোৰহাটৰ ঘৰলৈ যোৱাতহে অনুমতি প্ৰদান  কৰিছে।সমষ্টি  শিৱসাগৰলৈ যোৱাত অনুমতি দিয়া নাই আদালতে।

আদালতে গগৈক আৰক্ষীৰ নিৰাপত্তা বেষ্টনীত লৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।ইফালে ঘৰলৈ কেতিয়া যায় সেইয়া নিৰ্ভৰ কৰিব বিধায়ক গৰাকীৰ ওপৰত।

উল্লেখ্য যে , তিনিদিন পূৰ্বে চাবুৱা থানাৰ অ'চিক দাঁত ভঙাৰ অভিযোগত   'NIA'ত   গোচৰ দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত গগৈক দোষমুক্ত ঘোষণা কৰিছিল আদালতে।তাৰ পিছত  বুধবাৰে মাতৃ-পুত্ৰক সাক্ষাৎ কৰা অনুমতি বিচাৰি আদালতক আৱেদন জনাইছিল কাৰাবন্দী বিধায়ক গৰাকীয়ে।

গুৰুত্বপূৰ্ণ কথা বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকা পুত্ৰক চাবলৈ যোৰহাটৰ ঘৰত অতি  আগ্ৰহেৰে বাট চাইছে মাতৃ প্ৰিয়দা গগৈয়ে।আনহাতে একমাত্ৰ পুত্ৰ নাচিকেতাকো দীর্ঘদিন দেখা নাই গগৈয়ে।

Your Comments