মাৰ্কিন আদালতত প্রথম ভাৰতীয় বংশোদ্ভৱৰ বিচাৰক, কানেক্টিকাট জিলা আদালতত মনোনীত সৰলাা নাগালা

Sarala Nagala

মার্কিন আদালতত বিচাৰক হিচাপে প্রথম কোনো ভাৰতীয় বংশোদ্ভৱৰ মহিলা । বুধবাৰে কানেক্টিকাট জিলা আদালতৰ বিচাৰক হিচাপে ভাৰতীয় বংশোদ্ভৱৰ মার্কিন নাগৰিক সৰলা বিদ্যা নাগালাক মনোনীত কৰিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে । এক সংবাদ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে হোৱাইট হাউছে । 

ইয়াৰ পূৰ্বে কানেক্টিকাট জিলাৰ মার্কিন এটর্নি অফিছত মেজৰ ক্রাইমছ্‌ শাখাৰ ডেপুটি চিফ পদত আছিল সৰলা। ২০১৩ চনৰপৰা এই পদত অধিষ্ঠিত আছিল তেওঁ। ছেনেট হাউছে নিশ্চিত কৰিলে দক্ষিণ এছিয়াৰ বংশোদ্ভৱ এই প্রথম কোনো মহিলাই বিচাৰক হিচাপে মার্কিন আদালতত দায়িত্ব পালন কৰিব। 

২০০৮ চনত ইউছি বার্কলে স্কুল অব্ ল’ৰপৰা নাগালাই আইনশাস্ত্রত তেওঁৰ ডিগ্রী অর্জন কৰে। ইয়াৰ পূৰ্বে ২০০৫ চনত ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰপৰা বেছেলৰ ডিগ্রী অর্জন কৰে তেওঁ। ইতিমধ্যে ঐতিহাসিক এই মনোনয়নৰ বাবে সৰলা বিদ্যা নাগালাক অভিনন্দন জনাইছে নেচনেল এছিয়া পেছিফিক আমেৰিকান বাৰ এছোছিয়েশ্যনে।    

Your Comments