অৱশেষত শ্বাসৰূদ্ধ বৈঠকত মুখামুখি বাইডেন-পুতিন

Biden-putin

অৱশেষত ঘটিল সেই বহু প্ৰতীক্ষিত সাক্ষাত্‍কাৰ। মুখামুখি হ’ল জো বাইডেন আৰু ভ্লাদিমিৰ পুতিন।

বৈঠকখন দেড় ঘণ্টা সময়জুৰি বহিছিল। পুতিনে জনোৱা অনুসৰি, বৈঠকখন আছিল সম্পূৰ্ণ গঠনমূলক। ছাইবাৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাত বহিবলৈ সম্মত হয় দুই দেশেই। 

বুধবাৰে জেনেভাত বহু শতিকাৰ প্রাচীন অট্টালিকাত এই প্রথম মুখামুখি হ’ল বিশ্বৰ অন্যতম দুই শক্তিশালী দেশৰ ৰাষ্ট্রনেতা-আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্রনায়ক ভ্লাদিমিৰ পুতিন ।

Biden-Putin

জেনেভা হ্রদৰ তীৰৰ ১৭ শতিকাৰ প্রাচীন এক অট্টালিকাত বৈঠকৰ আয়োজন কৰা হৈছিল। শ্বাসৰূদ্ধকাৰী বৈঠকখনত বহাৰ আগতে সাংবাদিকৰ সন্মুখত ওচৰা-ওচৰিকৈও বহিলে বাইডেন-পুতিন। বৈঠকত উপস্থিত আছিল আমেৰিকাৰ বিদেশসচিব আৰু ৰাছিয়াৰ বিদেশমন্ত্রী। দুইদেশৰ সাংবাদিক সকলে এই বিৰল দৃশ্যটি কেমেৰাবন্দী কৰিবলৈ গৈ তৰ্কতো লিপ্ত হয় ফলত সামান্য অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়। 

সংশ্লিষ্ট মহলৰ খবৰ অনুসৰি, বৈঠকত দুইদেশৰ একাধিক গুৰুত্বপূর্ণ আৰু বিতর্কিত বিষয়ৰ ওপৰত আলোচনা হোৱাৰ কথা আছিল। আমেৰিকাৰ নির্বাচনত ৰাছিয়াৰ হস্তক্ষেপ, ছাইবাৰ-আক্ৰমণ, ৰাছিয়াৰ কাৰাবন্দী এলেক্সেই নাভালনিৰৰ মুক্তিৰ বিষয়ৰ লগতে মানৱাধিকাৰ, ইউক্রেন, বেলাৰুশ প্রভৃতি প্রসঙ্গলৈও কথা হ’ব বুলি আশা কৰা হৈছিল।

বৈঠকৰ আৰম্ভণিতে সামান্য অস্বস্তিত আছিল বাইডেন। পুতিনো নির্বিকাৰ হৈ আছিল। কিন্তু পিছৰ ফালে পৰিৱেশ সহজ হৈ পৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিক বাইডেনে কয়--মুখামুখি দেখা কৰা অধিক ফলপ্ৰসূ নহয়নে? আনহাতে, বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে বাইডেনক ধন্যবাদো জনালে পুতিনে।

Your Comments