ভাৰতক ক’ৰ’না মোকাবিলাৰ বাবে ১১৩ কোটি টকা দিয়াৰ ঘোষণা Google-ৰ

Google for India

ক’ৰ’না মোকাবিলাত ভাৰতৰ কাষত ঠিয় দিছে গুগল। অক্সিজেন প্লেন্ট আৰু ক’ৰ’না মোকাবিলাৰ অন্যান্য পৰিকাঠামো প্ৰস্তুতৰ বাবে ভাৰতক ১১৩ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিলে গুগলে।

উল্লেখ্য, উক্ত টকাৰে দেশৰ গ্রামীণ এলেকাত ৮০টা অক্সিজেন প্লেন্ট বহোৱা হ’ব। অনুদানৰ উক্ত টকাৰ ভিতৰত ৯০ কোটি টকা দিয়া হৈছে গিভ্‌ইণ্ডিয়া নামৰ এটা এনজিঅ’ক আৰু  ১৮.৫ কোটি টকা দিয়া হৈছে পাথ নামৰ অন্য এটা এনজিঅ’ক।

Tweet

গুগলৰ চিইঅ’ সুন্দৰ পিচাই এটা টুইটত লিখিছে, ভাৰতত যিসকল ক’ৰ’নাত আক্রান্ত তেওঁলোকৰ সৈতে আছে গুগল। Google.org ৰ তৰফৰপৰা ভাৰতত অক্সিজেন প্লেন্ট নিৰ্মাণ আৰু স্বাস্থ্য কর্মীসকলক প্রশিক্ষণ দিয়াৰ বাবে ১৫.৫ মিলিয়ন ডলাৰ অনুদান দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

উক্ত অনুদান সন্দৰ্ভত গিভ্‌ইণ্ডিয়া-ৰ স্বতাধিকাৰী অতুল সাতিজাই সংবাদমাধ্যমৰ আগত জনাইছে, দেশৰ গ্রামীণ এলেকাত ৮০টা অক্সিজেন প্লেন্ট বহোৱাৰ বাবে অনুদান দিছে Google.orgএ। পাথ-ৰ সৈতে যৌথ উদ্যোগত এই প্লেন্ট সমূহ বহাব গিভ্‌ইণ্ডিয়াই। 

Your Comments