মুকলি আকাশৰ তললৈ দেৱাংগনা কলিতা

Debangana Kalita

তিহাৰ জেলৰ বন্ধ কোঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাল দেবাংগনা কলিতা। বৃহস্পতিবাৰে বিয়লি মুকলি আকাশৰ তললৈ ওলাল অসম কন্যা দেৱাংগনা।

মুকলি আকাশৰ তললৈ আহি দেশবাসীৰ লগতে অসমবাসীক ধন্যবাদ জনাই ডিব্ৰুগড়ৰ জীয়ৰী দেৱাংগনাই। অসমবাসীৰ সঁহাৰিক কৃতজ্ঞতা জনাই তেওঁ কয়- জেলৰ ভিতৰত থাকোতে জনতাৰ সঁহাৰিয়ে সাহসী কৰি তুলিছিল'।

মা-দেউতাৰ চাপোৰ্ট নথকা হ’লে জেলত থকাটো সম্ভৱ নহ’ল হেঁতেন।কেইদিন মান দিল্লীত থাকিব লাগিব। মাৰ হাতৰ মাছৰ টেঙা মিছ কৰিছোঁ। ঘৰত গৈ মাছ টেঙা খাব লাগিব।

'কা' আন্দোলন শেষ হৈ যাবলৈ দিব নালাগে। তেওঁলোকৰ দৰে অখিল গগৈকো ন্যায়ালয়ে জামিন প্ৰদান কৰিব বুলি আশাবাদী অসম কন্যা গৰাকী।

উল্লেখ্য বিগত এটা বছৰ ধৰি কাৰাবন্দী হৈ আছিল ছাত্ৰী গৰাকী।

Your Comments