দেৱাংগনা কলিতাক তিহাৰ জেলৰপৰা মুকলি কৰাৰ নিৰ্দেশ কৰ্কৰদোমা আদালতৰ

Debangana Kalita

জামিন লাভৰ পিছতো দুটা দিন তিহাৰ জেলত কাৰাবন্দী হৈ থকা অসম কন্যা দেৱাংগনা কলিতাক মুকলি কৰাৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ৷ কৰ্কৰডোমাৰ আদালতে জাৰি কৰিছে এই নিৰ্দেশ ৷

উল্লেখ্য, যোৱা মঙ্গলবাৰে দিল্লীৰ  উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল দেৱাংগনাৰ জামিন। ইউএপিএ আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ যোৱা এটা বছৰৰো অধিক সময় কাৰাবন্দী হৈ আছিল ডিব্ৰুগড়ৰ কন্যা দেবাংগনা।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষী উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্তা হোৱাৰ কথা। দিল্লী আৰক্ষীৰ তৎপৰতাৰ পিছতে দেৱাংগনাৰ অধিবক্তাই 
কৰ্কৰডমাৰ আদালতত দিল্লীৰ আৰক্ষীৰ দাবী খাৰিজ কৰাৰ আহ্বান জনায়। সেই সন্দৰ্ভত আদালতত শুনানি হয় আৰু শুনানিৰ অন্তত দেৱাংগনাসহ দুই সতীৰ্থ নাটাশা নাৰোৱাল, আছিফ টানহা ইকবালক মুকলি কৰি দিয়াৰ নির্দেশ দিয়ে আদালতে।

ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে 'জামিন দিলেই নহ’ব তেওঁলোকক শাৰীক ভাৱে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলোৱাৰ অনুমতি  দিব লাগিব'।

Your Comments