দেৱাংগনা কলিতাৰ জামিন স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব দিল্লী আৰক্ষী

Devangana Kalita

দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষী দ্বাৰস্থ হ'ব উচ্চতম ন্যায়ালয়ৰ। দেৱাংগনা কলিতা আৰু নাটাশা নৰোৱালৰ জামিন স্থগিত ৰাখিবলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব দিল্লী আৰক্ষী।

উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিয়া জামিনৰ ৰায়ত অসন্তুষ্ট দিল্লী আৰক্ষী।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি বিগত এটা বছৰ তিহাৰ জেলত বন্দী হৈ আছিল অসম কন্যা দেবাংগনা কলিতা। জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী ডিব্ৰুগড়ৰ জীয়ৰী দেবাংগনা ইউএপিএ আইনৰ অধীনত ৰাষ্ট্ৰৰ হাতত বন্দী হৈ আছিল ।

Your Comments