বাংলাদেশৰপৰা সীমান্ত পাৰ হৈ ভাৰত সোমোৱা চীনা নাগৰিক মালদহত আটক

Han junwei

এলেকাটো জালনোটৰ কৰিডৰ হিচাপে পৰিচিত। ইয়াৰোপৰি নানাধৰণৰ অপৰাধমূলক কাৰ্যকলাপো চলে। বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী মালদহৰ কালিয়াচকত এজন চীনা নাগৰিকক আটক কৰিলে বিএছএফ-এ (BSF)। তেওঁৰ ওচৰৰ পৰা মোবাইল, লেপটপ আৰু পাছপোর্ট পোৱা গৈছে। কি কাৰণত সীমান্ত পাৰ হ’ল? তদন্তত নামিছে বিএছএফ আৰু ৰাজ্যখনৰ আৰক্ষীৰ অনুসন্ধান শাখাৰ কৰ্মকৰ্তা সকল।

Passport

স্থানীয় সূত্রৰ খবৰ অনুসৰি, সেইদিনা ৰাতিপুৱা ৬বজাত কালিয়াচকৰ মিলিক চুলতানপুৰ এলেকাত এক ব্যক্তিক ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাসকলে। সন্দেহ হোৱাত বাংলাদেশ সীমান্তত কর্তব্যৰত বিএছএফ জোৱানক বিষয়টো অৱগত কৰাই তেওঁলোকে। ইয়াৰ পিছতে সেই চীনা নাগৰিকক আটক কৰা হয়। খবৰ পঠিওৱা হয় কালিয়াচক থানালৈ। শেষপর্যন্ত ধৃত ব্যক্তিজনক আৰক্ষীৰ হাতত তুলি দিয়ে বিএছএফ-এ। উদ্ধাৰ হয় এটা লেপটপ, তিনিটা মোবাইল আৰু পাছপোর্ট।

জানিব পৰা অনুসৰি ধৃত ব্যক্তিজনৰ নাম হান জুনুই। ২ জুনত বিজনেছ ভিছা লৈ বাংলাদেশলৈ আহিছিল চীনৰ হুবাই প্রদেশৰ বাসিন্দাজন ৷ অনুসন্ধানকাৰীসকলে আশঙ্কা কৰিছে, এই চীনা নাগৰিকৰ মালদহৰ কালিয়াচকলৈ অহাৰ অন্তৰালত কোনো অসত্‍ উদ্দেশ্য থাকিবও পাৰে ৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই তদন্ত জাৰি ৰাখিছে এতিয়াও। 

Your Comments