কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাঢ়িব ডিএ, ঘোষিত হ’ল দিন-দিয়া নহ’ব এৰিয়াৰ

DA

কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকল আৰু পেঞ্চনভোগীসকলৰ মহার্ঘ্য ভাট্টা বৃদ্ধি পাব।  ঘোষিত হ’ল দিন ৷ চৰকাৰী সূত্ৰৰপৰা জানিবলৈ পোৱা গৈছে ১৭ %  ৰপৰা ২৮ %  পর্যন্ত বৃদ্ধি পাব পাৰে DA। কিন্তু দুখৰ বিষয় কোনো এৰিয়াৰ দিয়া নহ’ব। 

DA

১ জুলাইৰপৰা বর্ধিত বেতন হাতত পাব কেন্দ্রীয় চৰকাৰী কর্মীসকলে। যোৱা বছৰৰপৰা ক’ৰ’নাৰ বাবে স্থগিত হৈ আছিল ডিএ বৃদ্ধি। লক্‌ডাউন ঘোষণাৰ সময়তে এই সিদ্ধান্তৰ কথা জনাইছিল কেন্দ্ৰীয় চৰকাৰে।

২০১৯ চনত  ডিএ বৃদ্ধিৰ হাৰ আছিল ১৭ %। কেন্দ্রই ৪% ডিএ বৃদ্ধিৰ সিদ্ধান্ত লয়, যি ১ জানুৱাৰীৰপৰা বলবৎ হোৱাৰ কথা আছিল। কিন্তু, ক’ৰ’না আৰু লক্‌ডাউনৰ ফলত চৰকাৰৰ ৰেভিনিউ ইনকাম হ্ৰাস পায়।  ইয়াৰ পিছত ২০২১ চনৰ জুন পর্যন্ত ডিএ বৃদ্ধি  কৰা নহ’ব বুলি ঘোষণা কৰা হয়। সেই অনুসৰি ১ জুলাইৰপৰা বৃদ্ধি হ’ব চৰকাৰী কর্মচাৰীসকলৰ বেতন। 

DA

চৰকাৰী সূত্রে জানিবলৈ পোৱা গৈছে,  ২০২০-ৰ জানুৱাৰীৰপৰা জুনলৈ ৩%, জুলাইৰপৰা ডিচেম্বৰলৈকে ৪% আৰু ২০২১ চনৰ জানুৱাৰীৰপৰা জুনলৈ ৪%, এই দৰে ডিএ বৃদ্ধিৰ কথা আছে। ৩০ জুন পর্যন্ত মূল্যবৃদ্ধি কিমান হ’ব তাৰ হিচাপ ওলালেই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। যদিও তাৰ পৰিমাণ কিমান হ’ব তাৰ ধাৰণা কৰিব পৰা গ’লেও, সেই সংখ্যা এতিয়াও চূড়ান্ত হোৱা নাই।

এৰিয়াৰৰ টকা দিয়া নহ’ব। তাৰ কাৰণ হিচাপে চৰকাৰী সূত্ৰে জনা গৈছে, একে লগে সকলোকে বিনামূল্যে ভেক্‌চিন, দৰিদ্ৰসকলৰ বিনামূল্যে ৰেচন আৰু চৰকাৰী কর্মচাৰীসকলৰ ডিএ-ৰ এৰিয়াৰ মিলোৱাটো কেন্দ্রৰ পক্ষে সম্ভৱ নহয়। 

Your Comments