ক’ৰ’নাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে মালয়েছিয়াত সম্পূৰ্ণ লক্‌ডাউন

Malayasia

ক’ৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাত গোটেই দেশত লকডাউনৰ সিদ্ধান্ত ল’লে মালয়েছিয়া চৰকাৰে। 

শুক্রবাৰে মালয়েছিয়াৰ প্রধানমন্ত্রী মুহিদ্দিন ইয়াছিনে ঘোষণা কৰে যে, অহা মঙ্গলবাৰৰপৰা এই লকডাউন কার্যকৰী হ’ব। চলিব ১৪ জুন পর্যন্ত।  মুহিদ্দিন ইয়াছিনে কয় যে, কেৱল গুৰুত্বপূর্ণ অর্থনৈতিক কার্যক্রম চলি থাকিব, চলি থাকমিব গুৰুত্বপূর্ণ পৰিসেৱাও ৷

মালয়েছিয়াত আজিলৈকে চাৰি দিন ধৰি ক’ভিড-১৯ সংক্রমণৰ ৰেকর্ড হৈছে। দেশখনত এই পর্যন্ত ৫ লাখ ৪৯ হাজাৰৰো অধিক লোক আক্রান্ত হৈছে। মৃত্যু হৈছে ২ হাজাৰ ৫০০ জনৰো অধিক লোকৰ। সুস্থ হৈছে প্ৰায় ৪ লাখ ৭৪ হাজাৰ জন লোক। কেৱল শুক্রবাৰেই মৃত্যু হৈছে ৬১ জন লোকৰ। 

ইয়াৰ আগৰ ঢৌত মালয়েছিয়াত সর্বোচ্চ সংক্রমণ দেখা গৈছিল বিগত জানুৱাৰী মাহৰ শেষৰ ফালে। ইয়াৰ পিছত দেশখনত সংক্রমণ কমি আহিছিল। পুনৰ সংক্রমণ বাঢ়ি-বাঢ়ি মে’ মাহৰ শেষৰ ফালে আহি সর্বোচ্চ পাইছে।

দেশৰ চৰকাৰৰ ফালৰপৰা কোৱা হৈছে, নতুন যি ভেৰিয়েণ্ট সমূহ (more infectious variants) বিয়পি পৰিছে, সেইসমূহৰ সংক্রমণ বিয়পোৱাৰ ক্ষমতা বেছি। সেয়ে এই লকডাউনৰ সিদ্ধান্ত লোৱা হৈছে।

Your Comments