জটিল ক'ৰ'না পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহাৰ পিছতে দিল্লীত আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰৰপৰা আনলক প্ৰক্রিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে।
প্ৰথম পৰ্যায়ত নিৰ্মান, কাৰখানা আদি মুকলি কৰা কথা ঘোষণা কৰিলে চৰকাৰে। উল্লেখ্য ৰাজ্যখনত ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ বাবেই আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া।
মুখ্যমন্ত্ৰী কেজৰিৱালে কয়- “যথেষ্ট কষ্টৰে ক’ভিড নিয়ন্ত্ৰণ কৰা হৈছে দিল্লীত।ক’ভিডৰ বিৰুদ্ধে যুঁজ শেষ হোৱা নাই।আৰ্থিক ভাৱে দুৰ্বল লোকৰ কথা চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে"।
"এটা মাহ লকডাউনৰ অন্তত পৰিৱেশ ভাল অৱস্থালৈ ঘূৰি আহিছে।চিকিৎসালয়ত বিচনা, আইচিইউ বহু পৰিমাণে খালী হৈছে। আক্ৰান্তৰ হাৰ হ্ৰাস হৈছে। ক’ভিড কেয়াৰ চেণ্টাৰত বিচনা যথেষ্ট খালী হৈছে। আৰ্থিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা হৈছে আনলকৰ সিদ্ধান্ত" -মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
উল্লেখ্য যে সোমবাৰে পুৱা ৫ বজাত শেষ হ’ব দিল্লীত বৰ্তমান চলি থকা লকডাউন। সোমবাৰৰ পুৱাৰ পৰা আগন্তুক একসপ্তাহৰ বাবে প্ৰথম আনলক আৰম্ভ হ’ব বুলি জনাইছে কেজৰিৱালে ।
- Log in to post comments
- 15 views