প্রতিষেধক ভেক্চিন প্ৰদানৰ ক্ষেত্রত গোটেই দেশৰ ভিতৰত অসম ৰৈছে ২০নম্বৰ স্থানত । ২৭মে’ বৃহস্পতিবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তালিকাত সন্মুখলৈ আহিছে এই তথ্য ।
উল্লেখ্য যে, ২৬ মে’লৈকে অসমত ভেক্চিনৰ দুইটা ডোজ প্রদান কৰা হৈছে মুঠ ৮,১৩,৫৭৭জন লোকক ৷ ইয়াৰ বিপৰীতে, আংশিকভাৱে ৩১,২১,৩৩৪জন লোকে ভেক্চিন লাভ কৰিছে, অৰ্থাৎ এইসকল লোকে ভেক্চিনৰ এটা ডোজহে গ্ৰহণ কৰিছে এতিয়ালৈকে। সৰ্বমুঠ ভেকচিন প্ৰদান কৰা হৈছে ৩৯,৩৪,৯১১জন লোকক।
- Log in to post comments
- 17 views