দুদিন আগতে ভাৰতৰ বজাৰত মুকলি হয় ককটেইল ইঞ্জেকশ্যন ৷ ক’ৰ’না প্ৰতিৰোধী এন্টিব’ডী এই ইঞ্জেকশ্যনৰ এটা ডোজৰ দাম প্রায় ৬০ হাজাৰ টকা। আৰু এবাৰ সেই ইঞ্জেকশ্যন পাই এদিনৰ ভিতৰতে সুস্থ হ’ল ৮২ বছৰীয়া এজন বৃদ্ধ। ভাৰতত প্রথম এই ককটেল ইঞ্জেকশ্যন দিয়া হয় তেওঁক। সুস্থ হৈ চিকিৎসালয়ৰপৰা বাহিৰলৈ আহিল তেওঁ।
জানিবলৈ পোৱা গৈছে, হাৰিয়ানাৰ বাসিন্দা মহব্বত সিং নামৰ উক্ত বৃদ্ধজন ক’ৰ’নাত আক্রান্ত হয়। গুৰুগ্রামৰ মেদান্ত হস্পিতালত ভর্তি হৈছিল তেওঁ৷ বিগত পাঁচদিন ধৰি চিকিৎসা চলিছিল। মঙ্গলবাৰে ককটেইল ইঞ্জেকশ্যন দিয়া হয়। বুধবাৰে সুস্থ হৈ উঠে ৮২ বছৰীয়া এই বৃদ্ধ।
মেদান্ত হস্পিতালৰ এমডি তথা চেয়াৰমেন ডঃ নৰেশ ত্রেহানে জনাইছে, ক’ৰ’নাত আক্রান্ত ৰোগীক যদি প্রথমেই এন্টিব’ডী ককটেইল ইনজেকশ্যন দিয়া যায়, তেতিয়া তাৰ সুফল পোৱা যায়৷ এন্টিব’ডী ককটেইল ইনজেকশ্যনে ক’ৰ’না ভাইৰাছৰ বংশবিস্তাৰৰ প্রক্রিয়াক ৰখাই দিয়ে ৷ আৰু তাতেই কার্যক্ষমতা হেৰুৱাই ক’ভিড ভাইৰাছে৷ শেষত নষ্ট হৈ যায় এই ভাইৰাছ৷ যোৱা বছৰ ডোনাল্ড ট্রাম্পে এই ইঞ্জেকশ্যন লৈয়ে ক’ৰ’নাৰপৰা সুস্থ হয়। তাৰপিছতে পোহৰলৈ আহে এই ইঞ্জেকশ্যন।
সোমবাৰে Roche-য়ে প্ৰস্তুত কৰা এই ইনজেকশ্যনৰ প্রথম দফাৰ বেটছ্ ভাৰতৰ বজাৰত মুকলি কৰা হয়। ভাৰতত এই ককটেইল ইনজেকশ্যন উৎপাদনৰ দায়িত্বে লৈছে ছিপলা লিমিটেডে৷ এই ঔষধৰ দ্বিতীয় বেটছ্ তেওঁলোকে বজাৰত মুকলি কৰিব জুন মাহৰ মাজ ভাগত। কিন্তু ইয়াৰ এটা ডোজৰ বজিৰ মূল্য ৫৯ হাজাৰ ৭৫০ টকা। যি সাধাৰণ মানুহৰ বাবে যথেষ্ট ব্যয়বহুল।
- Log in to post comments
- 36 views