এনআৰচি-জনজাতিকৰণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ঘোষণা পঢ়ি জানি লওঁক

Dr.HBS

মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি আৰু জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ স্থিতি প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশিত এনআৰচি সন্দৰ্ভত কয়-"চূড়ান্ত এনআৰচি খচৰা সীমান্ত অঞ্চল বা জিলাত ২০ শতাংশ আৰু অন্য জিলাত ১০ শতাংশ পুনৰীক্ষণৰ কৰিব লাগে।পুনৰীক্ষণৰ পিছতো এনআৰচি পুৰণি নথি শুদ্ধ বুলি প্ৰমাণ হয়,তেন্তে ৰাজ্য চৰকাৰে এনআৰচি মানি লৈ ব্যৱস্থাৰে আগবাঢ়িব।কিন্তু পুনৰীক্ষণত ব্যাপক খেলি-মেলি দেখা পালে মহামান্য ন্যায়ালয়ে ইয়াৰ ওপৰত নতুন দৃষ্টি আৰোপ কৰক।"

বৰ্তমান এনআৰচিৰ প্ৰক্ৰিয়াটো কি পৰ্যায়ত আছে দায়িত্ব লৈয়ে চোৱা হ'ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।

আনহাতে,জনজাতিকৰণ বিষয়টো বৰ্তমানৰ জনজাতিৰ অধিকাৰ খৰ্ব নকৰাকৈ আলাপ-আলোচনাৰে সমস্যা সমাধান কৰা হ'ব বুলিওপ্ৰথমখন সংবাদমেলত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

'ৰাজ্যত শেহতীয়াভাৱে সংঘটিত প্ৰতিটো নাৰী আৰু শিশুজনিত অপৰাধৰ উচিত তদন্ত হ'ব।দোষীসকলক দিয়া হব কঠোৰ শাস্তি'- ডঃ শৰ্মাই লগতে কয়।

Your Comments